Socialধৰ্মীয়
Trending

হনুমান চালিশা পঢ়াই হ’ল কাল, শ্বপিং মলতেই হাতকেৰেয়া লাগিল দুজনৰ হাতত…

আনকি এই ঘটনাৰ পৰৱৰ্তী সময়ত মলত সোমাবলৈ চেষ্টা কৰা সোঁপন্থী গোটৰ ১৫ জনীয়া এটা দলকো আটক কৰি পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে আৰক্ষীয়ে। লগতে মলত কোনো ধৰণৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি নকৰিবলৈও সতৰ্কবাণী দিয়ে।

হনুমান চালিশাই বিপদ মাতি আনিলে দুজন লোকৰ জীৱনলৈ। হনুমান চালিশা পাঠ কৰি ৰঙা ঘৰৰ আলহী হ’ল দুজন যুৱক। শনিবাৰে, লক্ষ্ণৌৰ লুলু মলত হনুমান চালিশা পাঠ কৰাৰ বাবেই আৰক্ষীৰ হাতকেৰেয়া লাগিল দুজনৰ হাতত। শনিবাৰে, লক্ষ্ণৌত নতুনকৈ মুকলি কৰা লুলু মলত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। মলৰ ভিতৰত হনুমান চালিশা পাঠ কৰাৰ অপৰাধত দুজন লোক গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে ১৫জন লোক আটক হয়।

 

এই ঘটনা সন্দৰ্ভত DSP গোপাল কৃষ্ণ চৌধুৰীয়ে কয় যে, ‘শনিবাৰে লুলু শ্বপিং মলত দুজন লোক প্ৰৱেশ কৰি মলৰ মজিয়াত বহি হঠাতে হনুমান চালিশা পাঠ কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত মলৰ নিৰাপত্তাৰক্ষীয়ে আৰক্ষীক গতাই দিয়াত দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে’। আনকি এই ঘটনাৰ পৰৱৰ্তী সময়ত মলত সোমাবলৈ চেষ্টা কৰা সোঁপন্থী গোটৰ ১৫ জনীয়া এটা দলকো আটক কৰি পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে আৰক্ষীয়ে। লগতে মলত কোনো ধৰণৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি নকৰিবলৈও সতৰ্কবাণী দিয়ে।

 

উল্লেখ্য যে, মলৰ ভিতৰত নামাজ পঢ়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হয় এই বিতৰ্কৰ। বহু হিন্দু লোকে এই ঘটনাৰ বিৰোধিতা কৰি মল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। মলৰ ভিতৰত কেৱল এটা সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থনা কৰাৰ বাবে অনুমতি দিয়াৰ বাবে অসন্তুষ্ট হৈ পৰে হিন্দু লোকসকল। লগতে, মলৰ ভিতৰত হনুমান চালিশা পাঠ কৰাৰো হুংকাৰ দিয়ে লোকসকলে। তাৰেই ফলস্বৰূপে মলৰ ভিতৰত হনুমান চালিশা পাঠ কৰে দুজন লোকে। অৱশ্যে, মলৰ ভিতৰত কোনো ধৰণৰ ধৰ্মীয় প্ৰাৰ্থনাৰ অনুমতি নাই বুলি উল্লেখ কৰে মল কৰ্তৃপক্ষই। আনকি, মল পৰিচালনা সমিতিয়ে ইয়াৰ চৌহদৰ ভিতৰত নামাজ আগবঢ়োৱা সকলৰ বিৰুদ্ধেও FIR দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে সুশান্ত গলফ চিটি থানাত আই পি চিৰ ১৫৩ এ, ২৯৫ এ, আৰু ৩৪১ ধাৰাত ৰুজু কৰা হৈছে গোচৰ ।

 

এই মলটো ১০ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুকলি কৰে। ভাৰতীয় মূলৰ বিলিয়নাৰ ইউছুফ আলী এম এৰ নেতৃত্বত আবুধাবিস্থিত লুলু গ্ৰুপে মুকলি কৰিছে এই মলটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + eleven =

Back to top button