পৃথিৱীৰ পৰা জোনবাইৰ দেশলৈ চলিব বুলেট ট্ৰেইন, মেগা প্ৰকল্পত ব্যস্ত সূৰ্য উঠা দেশ জাপান…
ক্যুট' বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলৰ মতে, 'Hexagon Space Track System' নামৰ এক পদ্ধতিৰ জৰিয়তে মহাকাশলৈ বুলেট ট্ৰেইন চলোৱাৰ ব্যৱস্থা কৰা হৈছে। গৱেষকসকলে লগতে কয় যে, আন্তঃগ্ৰহীয়(interplanetary space) মহাকাশ ৰে’লখনে পৃথিৱী, চন্দ্ৰ আৰু মংগল গ্ৰহৰ মাজত যাত্ৰা কৰাৰ সময়ত নিজৰ মাধ্যাকৰ্ষণ ক্ষমতাৰ সৃষ্টি কৰিব।
পৃথিৱীৰ পৰা চন্দ্ৰলৈ চলিব বুলেট ট্ৰেইন। বুলেট ট্ৰেইনত উঠি জোনবাইৰ দেশলৈ মানুহ যোৱাৰ কথা শুনিবলৈ আচহুৱা যেন লাগিলেও সম্ভৱ হোৱাৰ পথত এই যাত্ৰা। মঙল গ্ৰহত কৃত্ৰিম মহাকাশ নিৰ্মাণ কৰিব জাপানে। মানুহৰ বাসোপযোগীকৈ মঙল গ্ৰহত নিৰ্মাণ কৰা হ’ব অন্য এখন পৃথিৱী।
এতিয়ালৈকে চন্দ্ৰযান, মংগলযানৰ কথা আপুনি শুনিছে। কিন্তু বুলেট ট্ৰেইনত উঠি চন্দ্ৰ আৰু মংগল গ্ৰহলৈ মানুহ যাব পৰাৰ কথা আপুনি বাৰু কেতিয়াবা কল্পনা কৰিছিলনে? অসম্ভৱকো সম্ভৱ কৰিবলৈ গৈ আছে জাপান। এটা বৃহৎ প্ৰকল্পত ব্যস্ত হৈ আছে জাপান। এই প্ৰকল্পৰ অধীনত জাপানে পৃথিৱীৰ পৰা চন্দ্ৰলৈ বুলেট ট্ৰেইন চলোৱাৰ পৰিকল্পনাৰে কাম কৰি আছে। প্ৰথমতে, পৃথিৱীৰ পৰা চন্দ্ৰলৈ বুলেট ট্ৰেইন চলোৱাৰ পৰিকল্পনা কৰিছে জাপানে আৰু এই পৰিকল্পনা সফল হ’লে ইয়াৰ পৰৱৰ্তী সময়ত মঙল গ্ৰহলৈও ট্ৰেইন চলাচলৰ ব্যৱস্থা কৰিব দেশখনে।
#Japan is making grand plans of creating interplanetary #trains and champagne flute-like glass habitats in its bid to send and host humans on the #Moon and #Mars!
Read: https://t.co/MjtOWrVdEH
📸: Youtube SC/Kajima Corp.
Thread. 👇 pic.twitter.com/dokxp4jZwV
— The Weather Channel India (@weatherindia) July 15, 2022
আনকি মঙল গ্ৰহত এখন কৃত্ৰিম মহাকাশ নিৰ্মাণ কৰিব দেশখনে। পৃথিৱীৰ দৰেই হ’ব এই মহাকাশৰ জলবায়ু। উল্লেখ্য যে, এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰিছে জাপানৰ ক্যুট’ বিশ্ববিদ্যালয় আৰু Construction Firm Kazima Corporationয়ে। ক্যুট’ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলৰ মতে, ‘Hexagon Space Track System’ নামৰ এক পদ্ধতিৰ জৰিয়তে মহাকাশলৈ বুলেট ট্ৰেইন চলোৱাৰ ব্যৱস্থা কৰা হৈছে। গৱেষকসকলে লগতে কয় যে, আন্তঃগ্ৰহীয়(interplanetary space) মহাকাশ ৰে’লখনে পৃথিৱী, চন্দ্ৰ আৰু মংগল গ্ৰহৰ মাজত যাত্ৰা কৰাৰ সময়ত নিজৰ মাধ্যাকৰ্ষণ ক্ষমতাৰ সৃষ্টি কৰিব।
জাপানৰ গৱেষকসকলে কৃত্ৰিম মহাকাশত বাসস্থানৰ সম্ভৱ কৰি তোলাৰ এই প্ৰকল্পটোৰ নাম ৰাখিছে ‘দ্য গ্লাছ’। ইয়াৰ অধীনত জাপানৰ বিজ্ঞানীসকলে চন্দ্ৰত ১৩০০ ফুট দৈৰ্ঘ্যৰ গঠন(Structure) নিৰ্মাণৰ এক অভিলাষী পৰিকল্পনাত কাম কৰি আছে। যদিও গৱেষকসকলে কয় যে, এই প্ৰকল্পৰ চূড়ান্ত আকৃতিত উপনীত হ’বলৈ জাপানক সময় লাগিব প্ৰায় ১০০ বছৰ।