অপৰাধঅসম

ধৰ্ষণত বিফল হৈ যুৱতীক ছুৰীকাঘাত যুৱকৰ

যুৱকজনক ৰাইজে কৰায়ত্ব কৰাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি

ধৰ্ষণত বিফল হোৱাত যুৱতীক ছুৰীকাঘাত৷ অভিযুক্ত যুৱকক বান্ধি ৰাইজৰ লপাথপা৷

মঙ্গলবাৰে পুৱাই জাগীৰোডৰ চাকুমাকু গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ ৰম কুমাৰ বিশ্বাস নামৰ যুৱকে অসৎ চৰিতাৰ্থ পূৰণৰ বাবে নিশা খিৰিকিৰে প্ৰৱেশ কৰিছিল একে গাঁৱৰে এগৰাকী যুৱতীৰ কোঠাত৷ যুৱতীগৰাকীয়ে ঘটনাৰ ওমান পোৱাত চিঞৰবাখৰ কৰিবলৈ লওতেই মুখত খোপা মাৰি ধৰে আৰু নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিব বিচাৰে। কিন্তু তেনে কৰিব নোৱাৰাত ছুৰীকাঘাত কৰি পলায়ন কৰে লম্পটটো৷

পুৱা যুৱকজনক ৰাইজে কৰায়ত্ব কৰাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ যুৱকৰ ঘৰ ভাঙি লণ্ডভণ্ড স্থানীয় উত্তেজিত লোকৰ৷ পাছত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণত আহে পৰিস্থিতি৷

যুৱকজনৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ উত্থাপিত হোৱাৰ লগতে যুৱতীগৰাকীক বহুদিনৰ পৰা অশালীন মন্তব্য কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে৷ পৰৱৰ্তী সময়ত জাগীৰোড আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে৷ সম্প্ৰতি জাগীৰোড আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + four =

Back to top button