অপৰাধঅসমঅসম আৰক্ষী

গাখীৰ খুৱাই সাপ পুহিছিল মালিকে, ভাড়াতীয়াই হত্যা কৰিলে ঘৰৰ মালিকক…

ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হেমধৰ বৰুৱাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা ৰাস্তাতে মৃত্যুক সাবটি লয় হেমধৰ বৰুৱাই। আনহাতে, হাতত দা লৈ দিছপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ স্বামী-স্ত্রীৰ। পত্নী ৰিমি ডেকা আৰু ধৰণীধৰ ডেকাক আটক আৰক্ষীৰ।

মহানগৰীৰ জাপৰিগোগত চাঞ্চল্যকৰ ঘটনা। ভাড়াতীয়াৰ আক্ৰমণত মৃত্যু ঘৰৰ মালিকৰ। এহাল দম্পতীৰ দাৰ ঘাপত মৃত্যু হ’ল ভাড়াঘৰৰ মালিকৰ।

 

এই ঘটনা সংঘটিত হৈছে জাপৰিগোগৰ কৃষ্ণনগৰত। বিক্রমপুৰৰ ৪৫নং বাসগৃহত ভাড়াতীয়া ধৰণীধৰ ডেকা আৰু পত্নী ৰিমি ডেকাই নৃশংসভাৱে হত্যা কৰিলে ঘৰৰ মালিক হেমধৰ বৰুৱাক। হেমধৰ বৰুৱাৰ মূৰ, বুকুৰ লগতে গুপ্তাংগত দাৰে আক্রমণ কৰে দম্পতীহালে। ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হেমধৰ বৰুৱাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা ৰাস্তাতে মৃত্যুক সাবটি লয় হেমধৰ বৰুৱাই। আনহাতে, হাতত দা লৈ দিছপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ স্বামী-স্ত্রীৰ। পত্নী ৰিমি ডেকা আৰু ধৰণীধৰ ডেকাক আটক আৰক্ষীৰ।

 

 

উল্লেখ্য যে, ৯ মাহ ধৰি ভাড়াঘৰটোত বাস কৰিছিল ডেকা পৰিয়ালটোৱে। কোনোৱে যদি পৰকীয়া প্ৰেমৰ সম্পৰ্কৰ বাবে এই ঘটনা সংঘটিত হ’ল বুলি দাবী কৰিছে, আন কোনোৱে  কৈছে-ভাৰাঘৰৰ মালিকৰ অসভ্য ব্যৱহাৰৰ বাবে বাধ্যত পৰি হত্যাকাণ্ড সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে। এই ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button