CricketInternationalInternationalleatest updatenationalSportsworld cupক্ৰিকেটখেলদিল্লীদৈনিক বাতৰিভাৰত

পুনৰ বিতৰ্কত “কেপ্তেইন কুল” বন্ধু মিহিৰ দিবাকৰে ৰুজু কৰিছে গোচৰঃ

অধিবক্তা প্ৰতিভা এম সিং ৰ আদালতত গ্ৰহণ কৰা হ'ব গোচৰৰ শুনানি।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বন্ধু মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্যা দাসে। দিল্লীৰ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে গোচৰ। অধিবক্তা প্ৰতিভা এম সিং ৰ আদালতত গ্ৰহণ কৰা হ’ব গোচৰৰ শুনানি।

উল্লেখ্য যে দহ দিন পূৰ্বে প্ৰাক্তন অধিনায়ক গৰাকীয়ে বন্ধু তথা ব্যৱসায়িক সহযোগী দিবাকৰৰ বিৰুদ্ধে ১৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল।

তেওঁলোকে ধোনিৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল। ২০১৭ চনত এটা কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছিল যদিও দিবাকৰে চুক্তিৰ চৰ্তাৱলী মানি চলিব নোৱাৰিলে। চুক্তিৰ চৰ্ত অনুসৰি ধোনিক ফ্ৰেঞ্চাইজিৰ মাছুল আৰু কোম্পানীটোৰ লাভৰ এটা অংশ দিয়াৰ কথা আছিল। কিন্তু উল্লিখিত চৰ্তাৱলী মানি নচলাৰ বাবে ৬ জানুৱাৰীত ধোনিৰ অধিবক্তা দয়ানন্দ শৰ্মাই সংবাদ মেল যোগে এই অভিযোগ উত্থাপন কৰিছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.