AssamCity newsleatest updatenationalঅসমগুৱাহাটীজন্তুদৈনিক বাতৰিবন্যপ্ৰাণীভাৰত

বিষাক্ত সৰ্প ৰাছেল ভাইপাৰক লৈ আতংক বঙাইগাঁৱবাসী, ভিন্ন স্থানত প্রত্যক্ষ বিষাক্ত ৰাছেল ভাইপাৰৰ আতংক….

বিষাক্ত সৰ্প ৰাছেল ভাইপাৰক লৈ বঙাইগাঁৱত আতংক
বঙাইগাঁৱৰ ভিন্ন স্থানত প্রত্যক্ষ বিষাক্ত ৰাছেল ভাইপাৰ
চিতকাগাঁও, কাকৈজানা, পোপৰাগাঁও, ডাউকীঝাৰ অভয়াপুৰীকে ধৰি কেইবা ঠাইতো উদ্ধাৰ ৰাছেল ভাইপাৰ

বিগত কিছুদিন ধৰি বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ প্ৰত্যক্ষ কৰাৰ পিছতেই আতংকিত হৈ পৰিছে জিলাবাসী। সাধাৰণতে অজগৰ পোৱালীৰ নিচিনাই দেখাত অতিকে বিষাক্ত এইবিধ সাপ উদ্ধাৰৰ সৈতে জড়িত থকা হৰমোহন ৰাভা আৰু কাৰ্তিক ওৰাঙৰ ভাষ্য অনুসৰি জিলাখনত বিগত ২০০৫ বর্ষতেই ৰাছেল ভাইপাৰৰ অৱস্থিতিৰ উমান পোৱা গৈছিল যদিও শুকান অঞ্চলতহে বসবাস কৰে ৰাছেল ভাইপাৰে।

সদ্যহতে ব্যাপক হাৰত ৰাছেল ভাইপাৰৰ উদ্ধাৰ হোৱা ঘটনাই বঙাইগাঁও জিলাত ৰাছেল ভাইপাৰৰ অৱস্থিতিৰ বিষয়টো পোহৰলৈ আহে। অত্যাধিক বিষাক্ত ৰাছেল ভাইপাৰৰ দংশনে কম সময়ৰ ভিতৰতে মানুহক মৃত্যুৰ মুখলৈ থেলি দিব পাৰে যদিও সৰ্প বিশাৰদ দুগৰাকীয়ে এই ক্ষেত্রত আতংকিত নহৈ যিমান পৰা যায় সোনকালে চিকিৎসকৰ কাষ চাপিবলৈ ৰাইজক পৰামৰ্শ দিয়ে। আনহাতে ৰাছেল ভাইপাৰৰ সম্পর্কত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ এনাস্থেছিয়া বিশেষজ্ঞ চিকিৎসক গৰাকীয়েও ৰাইজক অধিক আতংকিত নহ’বলৈ আহ্বান জনায়। অৱশ্যে তেওঁ ৰাইজক সাবধান হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.