অপৰাধঅসম

তিনিচুকীয়া আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই আৰু দেশী-বিদেশী সুৰা

তিনিচুকীয়া আৰক্ষী আৰু তিনিচুকীয়া আবকাৰী বিভাগে তিনিচুকীয়াৰ পাৰ্শ্বৱৰ্তী গুইজান নতুন গাওঁ বাৰেকুৰি গেলাপুখুৰী বাইপাছত অবৈধ চুলাই মদ আৰু অবৈধ দেশীয় আৰু বিদেশী সুৰাৰ বিৰুদ্ধে চলায় জোৰদাৰ অভিযান

অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযান৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই আৰু অবৈধ দেশীয় সুৰা।

বুধবাৰে, তিনিচুকীয়া আৰক্ষী আৰু তিনিচুকীয়া আবকাৰী বিভাগে তিনিচুকীয়াৰ পাৰ্শ্বৱৰ্তী গুইজান নতুন গাওঁ বাৰেকুৰি গেলাপুখুৰী বাইপাছত অবৈধ চুলাই মদ আৰু অবৈধ দেশীয় আৰু বিদেশী সুৰাৰ বিৰুদ্ধে চলায় জোৰদাৰ অভিযান৷

এই অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ অভিযানৰ সময়ত ৩৮০০ লিটাৰ চুলাই মদ আৰু বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে তিনিচুকীয়া আবকাৰী পৰিদৰ্শক চন্দ্ৰ কান্ত বৰুৱাই৷

উল্লেখ্য যে, বহুদিন ধৰি তিনিচুকীয়াৰ গুইজান নতুন গাওঁ বাৰেকুৰি অঞ্চলৰ লগতে তিনিচুকীয়া বাইপাছ পথত লাগি থকা গেলাপুখুৰী ধাবা নামৰ ধাবাত চলাই অহা হৈছিল অবৈধ সুৰাৰ ব্যৱসায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.