অসমআঞ্চলিক

এইবাৰ চেতিয়া ছাৰ, জাকিৰ ছাৰকো পিছ পেলালে দত্ত ছাৰে!

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দত্ত ছাৰৰ ক'ল ৰেকৰডিং।

এইবাৰ চেতিয়া ছাৰ, জাকিৰ ছাৰকো পিছ পেলালে দত্ত ছাৰে। এতিয়া সকলোফালে কেৱল দত্ত ছাৰৰ নাম। ঐতিহ্যমণ্ডিত গহপুৰ চহৰৰ মাজমজিয়াত থকা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদ্ম দত্ত ছাৰ এতিয়া চৰ্চাৰ শীৰ্ষত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দত্ত ছাৰৰ ক’ল ৰেকৰডিং।

 

গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদ্ম দত্তৰ এটা ফোন ক’লে লজ্জিত কৰিছে গহপুৰ বাসীক ৷ গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক দত্ত ছাৰে দিলে অশ্লীল ইংগিত। ছাত্ৰী গৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ যৌন শিক্ষা দিবলৈ চেষ্টা চলাইছিল দত্ত ছাৰে। কিন্তু ছাৰৰ দিন বেয়া আছিল। ছাৰৰ কথাত ভূল নগ’ল ছাত্ৰীগৰাকী। সাহসী ছাত্ৰী গৰাকীয়ে তেওঁৰ সকলো কথাই নস্যাৎ কৰিছে।

 

জানিবপৰা মতে, প্ৰায় ৫৫ উৰ্ধ্বৰ এইগৰাকী দত্ত ছাৰে আগতেও বহু ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ উপৰিও মানসিক নিৰ্যাতন চলাই আহিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.