অসমচাকৰিচিকিৎসা

ইউক্ৰেইনৰ জীয়ৰি এতিয়া অসমৰ বোৱাৰী, কিন্তু অসমত কিয় সুখী নহয় তেওঁ?

বিবাহৰ পাছত ডাক্তৰ হৈও চিকিৎসকতা কৰিব পৰা নাই ইউক্ৰেইনত চিকিৎসক হিচাপে কৰ্মৰত ডা° এনাস্থিয়া ৰহমানে

ইউক্ৰেইনৰ জীয়ৰি অসমৰ চিৰাঙৰ বোৱাৰী। কিন্তু বিয়া হৈ আহি অসুবিধাত পৰিছে ইউক্ৰেইনৰ জীয়ৰিগৰাকী।

ইউক্ৰেইনত চিকিৎসক হিচাপে কৰ্মৰত ডা° এনাস্থিয়া ৰহমানে অসমৰ চিৰাং জিলাৰ ছাতিপুৰৰ ফেশ্বন ডিজাইনাৰ ছফিউৰ ৰহমানৰ সৈতে চাৰিবছৰ পুৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। শাহুৱেক-শহুৰেক আৰু দেওৰৰ সৈতে সুন্দৰভাৱে জীৱন যাপন কৰি থকা এনাস্থিয়াৰ আছে এটি ৮ মহীয়া সন্তান। অসমীয়া, বঙালি আৰু হিন্দি ভাষা ভঙা ভঙাকৈ হ’লেও ক’ব পাৰে এনাস্থিয়াই।

কিন্তু বিবাহৰ পাছত ডাক্তৰ হৈও চিকিৎসকতা কৰিব পৰা নাই বাবে অসুবিধাত পৰিছে এম বি বি এচ ডা° এনাস্থিয়া ৰহমানে। কাৰণ ভাৰতীয় মেডেকেল কাউন্সিলৰ পৰিক্ষাত উত্তিৰ্ণ হৈছে যদিও যোৱা চাৰিটা বছৰে ভাৰতত চিকিৎসকতা কৰাৰ প্ৰমান পত্ৰ নাপালে বাবে এতিয়া চিকিৎসকতা কৰিব পৰা নাই এনাস্থিয়াই।়

অসমলৈ আহি অইন কোনো অসুবিধা পোৱা নাই, মাথো চিকিৎসক হৈও চিকিৎসা সেৱা আগবঢ়াই যাব নোৱাৰাৰ বাবে অসুবিধা পাইছে বুলি ক’লে ডা° এনাস্থিয়া ৰহমানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.