Covid-19Socialভাৰত

দেশত মুকলি হ’ব ৭৫০ টকীয়া ক’ভিড ভেকচিন

প্ৰথমাৱস্থাত সীমিতভাৱে উপলব্ধ হ'ব SPUTNIK ভেকচিন, যাৰ মূল্য হ'ব প্ৰায় ৭৫০ টকা

অতিমাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছে ভাৰতীয়ই। ইতিমধ্যে Covaxin আৰু Covishield ভেকচিনৰ জৰিয়তে ক’ভিডৰ বিৰুদ্ধে আৰম্ভ ভাৰতীয়ৰ যুঁজ। এই দুয়োটা ভেকচিনৰ উপৰিও ভাৰতে নিৰ্মাণ কৰিছে অন্য এক ভেকচিন।

এই ভেকচিনৰ নাম হৈছে-SPUTNIK LIGHT VACCINE। থলুৱাভাৱে নিৰ্মিত এই ভেকচিন বিধ মুকলি কৰা হ’ব ছেপ্টেম্বৰত। SPUTNIK LIGHT হৈছে চিংগল ড’জ ভেকচিন। এই ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ বাবে PANACEA BIOTECএ ইতিমধ্যে DGCIৰ ওচৰত আৱেদন কৰিছে।

প্ৰথমাৱস্থাত সীমিতভাৱে উপলব্ধ হ’ব SPUTNIK ভেকচিন, যাৰ মূল্য হ’ব প্ৰায় ৭৫০ টকা।

তথ্য অনুসৰি, এই ভেকচিনৰ প্ৰভাৱ দুপালি ভেকচিনতকৈ অধিক হ’ব। ক’ভিডৰ নতুন ভেৰিয়েন্টকো ৰুধিব পাৰিব এই ভেকচিনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 9 =

Back to top button