অসমশ্ৰেণীবিহীন

বেদখলকাৰীৰ বিৰূদ্ধে উচ্ছেদ অভিযান বন বিভাগৰ

ব্যাপক হাৰত উচ্ছেদ অভিযান অব্যাহত

সমগ্ৰ ৰাজ্যজুৰি চৰকাৰে শেহতীয়াকৈ বেদখলকাৰী বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ব্যাপক হাৰত উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে কাৰ্বি-আংলং জিলাৰ মাৰাৰ লংৰি অভায়ণ্যৰত গঢ় লৈ উঠা বেদখলকাৰীৰ বিৰূদ্ধে আজি উচ্ছেদ অভিযান চলায় বন বিভাগে।

  জিলাখনৰ বকলিঘাটৰ সমিপতে থকা মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমিখণ্ড সুদীৰ্ঘ দিন ধৰি একাংশ লোকে অবৈধভাৱে দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আছিল। ইয়াৰ মাজতে জিলা খনৰ বন বিভাগৰ নৰ্দান ৰেঞ্জৰ বকলিয়াস্থিত কাৰ্যালয়ৰ বনকৰ্মীৰ এটা বৃহৎ দলে মাৰাত লংৰি সীমাৰ অধীনস্থ লম্ব পাহাৰত অবৈধভাৱে বসতি কৰি থকাসকলৰ বিৰুদ্ধে মাৰাথন উচ্ছেদ অভিযান চলাই। প্ৰায় অৰ্ধ-শতাধিক বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে।

এই উচ্ছেদ অভিযানটোৰ নেতৃত্ব দিয়ে বকলিঘাট স্থিত কাৰ্যালয়ৰ সহকাৰী বন -সংৰক্ষক হৰিনাথ ৰংহাংঙে৷ এই উচ্ছেদ অভিযান মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ কমেও দহ হাজাৰ হেক্টৰ ভুমি বেদখল মুক্ত হয়। এই উচ্ছেদিত আবাসসমুহৰ পৰা জন্তুৰ চিকাৰত ব্যৱহৃত বিভিন্ন সঁজুল হাতে সজা বন্দুক, ধেনু- কাড় উদ্ধাৰ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.