অসমআঞ্চলিক

প্ৰেমিকৰ হাতত ধৰি পলাই গ’ল প্ৰেমিকা। স্বামীলৈ থৈ গ’ল এটি বিশেষ উপহাৰ

এহাল দুৰ্দান্ত প্ৰেমিক-প্ৰেমিকাৰ অবৈধ প্ৰেম কাহিনী

প্ৰেমত ফুলে শতদল। প্ৰেমত ঘূৰে ভূ-মণ্ডল। এইবাৰ প্ৰেমত মচগুল চাৰি সন্তানৰ পিতৃ-মাতৃ। কাছুমাৰাৰ চাৰি সন্তানৰ পিতৃ আয়নাল ভূঞা আৰু চাৰি সন্তানৰ মাতৃ জাহানাৰাৰ মাজত চলিছে হিয়া দিয়া নিয়া। দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি থকা এই অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা অৱশেষত ধৰা পেলালে জাহানাৰাৰ স্বামী আব্দুৰ ৰৌফে।

 

 

ঘটনা অনুসৰি, দক্ষিণ বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা গাওঁৰ আয়নাল ভূঞা আৰু একে গাঁৱৰে জাহানাৰা নামৰ মহিলা গৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। দুয়োৰে আছে চাৰিটিকৈ সন্তান। দুয়োৰে অবৈধ প্ৰেমৰ কথা পোহৰলৈ অহাৰ পাছতেই প্ৰেমিক আয়নাল ভূঞাৰ হাতত ধৰি পলুৱাই গ’ল প্ৰেমিকা জাহানাৰা। পিছে প্ৰেমিকৰ লগত শুদা হাতে নগ’ল। স্বামী গৃহৰ পৰা লৈ গ’ল সাঁচতীয়া নগদ ধন প্ৰায় ৫০ হাজাৰ টকাৰ লগতে ৩০ হাজাৰ টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ ৷ পত্নী, টকা সকলো হেৰুৱাই মূৰেকপালে হাত দিছে স্বামী আব্দুৰ ৰৌফে। ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত স্বামী আব্দুৰ ৰৌফে ন্যায় বিচাৰি তৰিছে গোচৰ ৷ এফালে কাছুমাৰা আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.