অপৰাধঅসম

সীমান্তত উত্তেজনা, BSF জোৱানৰ গুলীত নিহত চোৰাং গৰুৰ সৰবৰাহকাৰী

শুকুৰবাৰে, পুৱতি নিশা ভাৰত-বাংলাদেশ সীমান্তইদি গৰুৰ সৰবৰাহৰ চেষ্টা চলাওঁতেই সীমান্ত নিয়োজিত BSFয়ে গৰু ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

উত্তপ্ত ভাৰত-বাংলাদেশ সীমান্ত। BSFৰ গুলীচালনাত নিহত গৰুৰ চোৰাং ব্যৱসায়ী।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ তথা প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টিৰ পিছতো ৰাজ্যত অব্যাহত গৰুৰ চোৰাং ব্যৱসায়। সীমান্তৰে পশুধনৰ অবাধ সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই। ভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰত সংঘটিত এনকাউণ্টাৰ।

শুকুৰবাৰে, পুৱতি নিশা ভাৰত-বাংলাদেশ সীমান্তইদি গৰুৰ সৰবৰাহৰ চেষ্টা চলাওঁতেই সীমান্ত নিয়োজিত BSFয়ে গৰু ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

প্ৰথমে BSF জোৱানে গৰুৰ চোৰাং সৰবৰাহকাৰীসকলক পিচুৱাবলৈ নিৰ্দেশ দিছিল যদিও নিৰাপত্তাৰক্ষীৰ কথা মনা নাছিল সৰবৰাহকাৰীয়ে। পৰৱৰ্তী সময়ত BSF আৰু গৰুৰ চোৰাং ব্যৱসায়ীৰ মাজত সংঘৰ্ষ হোৱাত BSFৰ গুলীত নিহত হয় ৩ গৰুৰ চোৰাং ব্যৱসায়ী।

নিহত ৩ চোৰাং ব্যৱসায়ী বাংলাদেশৰ বুলি চিনাক্ত কৰা হৈছে যদিও এতিয়ালৈকে প্ৰকাশ হোৱা নাই নাম। ইয়াৰে এগৰাকী ভাৰতৰ ব্যৱসায়ী বুলি চিনাক্ত কৰা হৈছে।

মৃতদেহকেইটাৰ লগতে উদ্ধাৰ কৰা হৈছে ২ খন দাসহ দুটা হেণ্ড গ্ৰেণেড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.