AssamSocialweatherঅসম

৩ ঘণ্টাত ২১ খন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা বিজুলী-ঢেৰেকনীৰ অহাৰ পূৰ্ণ সম্ভাৱনা

ঘন্টাত ৫০-৬০ কিঃমিঃ বেগত ধুমুহা অহাৰ আগজাননী!

ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে।ইয়াৰ সমান্তৰালকৈ মহানগৰীতো বতৰে ধুমুহা বিজুলী-ঢেৰেকনীৰে
ভিন্ন ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে তাৰ মাজতেই আগন্তুক ৩ ঘণ্টাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সৰ্তকাবাণী জাৰি কৰা হৈছে ।আগন্তুক ৩ ঘণ্টাত ২১ খন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা বিজুলী-ঢেৰেকনীৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।ঘন্টাত ৫০-৬০ কিঃমিঃ বেগত ধুমুহা অহাৰ আগজাননী!দক্ষিণ শালমাৰা, মানকাছাৰ,ধুবুৰী , কোকৰাঝাৰ ,গোৱালপাৰা হাই এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা।বঙাইগাওঁ, বৰপেটা, বাক্সা, চিৰাং নলবাৰীত হাই এলাৰ্ট জাৰি। কামৰূপ ,ওদালগুৰি ,শোণিতপুৰ ,কামৰূপ মেট্ৰ ,কাছাৰ,কৰিমগঞ্জ হাইলাকান্দিত হাই এলাৰ্ট।লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় ,তিনিচুকীয়া হাই এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ।পৰাপক্ষত যিমান পাৰে কোনো কাম নোহোৱাকৈ ওলাই নাযাব বাহিৰলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.