অসম

এটা ব্যতিক্ৰমী তেল ডিপো, হাতত তামোল-পাণৰ বটা লৈ চালকক আপ্ৰায়ণ!

ডিপোত তেল ভৰাবলৈ আহিলেই হাতত তামোল-পাণৰ বটা লৈ চালকক আপ্ৰায়ণ কৰে যুৱতী কৰ্মচাৰীয়ে । চালকৰ হাতত তুলি দিয়ে এটা পানীৰ বটল আৰু এখন তামোল ।

এটা ব্যতিক্ৰমী তেল ডিপো। ঘাইপথৰ কাষত থকা পেট্ৰল ডিপোবিলাকত আপোনাৰ বাহনখনত নিশ্চয় তেল ভৰায়। তেল ভৰাবলৈ আহি পেট্ৰল ডিপোবিলাকত কেতিয়াবা এগিলাছ পানী বা এখন তামোল মাননি নিদিয়াকে খাই পাইছেনে। কিন্তু এটা তেল ডিপোৰ কৰ্মচাৰীৰ আচৰণে আচৰিত কৰিব আপুনাক। মৰাণৰ সমীপৰ খোৱাঙৰ ঘাইপথৰ কাষত এটা পেট্ৰল ডিপো। এই ডিপোটোত অসমীয়া যুৱতী কৰ্মচাৰীয়ে তামোল-পাণৰ বটা হাতত লৈ গ্ৰাহকক আপ্যায়ণ কৰে । খোৱাঙৰ বেতনি নাহৰ পুখুৰীৰ স্বৰ্ণ আসাম ফিলিং ষ্টেচন নামৰ তেল ডিপোটোত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ডিপো কৰ্তৃপক্ষই ।

তেল ডিপোটোলৈ বাহন লৈ গ্ৰাহকে তেল ভৰাবলৈ আহিলেই হাতত তামোল-পাণৰ বটা লৈ আগবাঢ়ি যায় এগৰাকী যুৱতী কৰ্মচাৰী। চালকক এটা পানীৰ বটল আৰু এখন তামোলেৰে আপ্যায়ণ কৰে যুৱতী কৰ্মচাৰী গৰাকীয়ে । ডিপোটোত প্ৰায় ১০ গৰাকী অসমীয়া কৰ্মচাৰী আছে । ইয়াৰে তিনিগৰাকী মহিলা কৰ্মচাৰী । হিমাশ্ৰী বৰুৱা, দুলুমণি ফুকন আৰু সুমন ফুকন নামৰ এই আটাইকেইগৰাকী যুৱতীয়েই শিক্ষিত । সুমন ফুকন নামৰ যুৱতীগৰাকী বৰ্তমান স্নাতক বৰ্ষৰ ছাত্ৰী । তেওঁ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সমান্তৰালকৈ ডিপোটোত কাম কৰি নিজা খৰচ উলিয়াই লয় । ডিপোটোৰ স্বত্বাধিকাৰী কন্দৰ্প সাগৰ দিহিঙীয়াই জানিবলৈ দিয়া অনুসৰি প্ৰতিজন গ্ৰাহককে অতিথি বুলি মান্য কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.