Socialজীৱনশৈলী

বিজ্ঞাপনত অভিনয় কৰি কিয় বিজেপি নেতাৰ ৰোষত পৰিল বলিউড চুপাৰষ্টাৰ আমিৰ খান?

ঘটনাক কেন্দ্ৰ কৰি ১৪ অক্টোবৰত হেগড়েই CEATৰ CEOলৈ এখন ব্যংগাত্মক পত্ৰ প্ৰেৰণ কৰে। CEATৰ CEOলৈ পত্ৰ লিখি তেওঁ কয় যে, কোম্পানীটোৱে হিন্দু বিৰোধী আমিৰ খানক লৈ ৰাস্তাত ফটকা নুফুটাবলৈ যি বিজ্ঞাপন প্ৰচাৰ কৰিছে সেয়া প্ৰশংসনীয়, কিন্তু আমিৰ খানৰ এই বিজ্ঞাপনে হিন্দুৰ মাজত ভৱিষ্যতে অশান্তিৰ সৃষ্টি কৰিব।

এইবাৰ বিজেপি নেতাৰ ৰোষত বলিউডৰ অভিনেতা আমিৰ খান। কাপোৰৰ ব্ৰেণ্ড Fabindiaৰ পিছতে এইবাৰ আক্ৰমণৰ লক্ষ্য আমিৰ খান অভিনীত টায়াৰ নিৰ্মাণকাৰী কোম্পানী CEATৰ বিজ্ঞাপন।

কিছুদিন পূৰ্বে Fabindiaই দীপাৱলী সংগ্ৰহৰ নামকৰণ ‘Jashn-e-Riwaaz’ৰে কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল বহুজন। এই ঘটনাৰ পিছতে বলিউডৰ চুপাৰষ্টাৰ আমিৰ খানে অভিনয় কৰা টায়াৰৰ এক বিজ্ঞাপনক লৈ এতিয়া অসন্তুষ্ট কৰ্ণাটকৰ এগৰাকী বিজেপিৰ সাংসদ।

CEATয়ে শেহতীয়াকৈ মুকলি কৰা এটা বিজ্ঞাপনত অভিনয় কৰিছে চুপাৰষ্টাৰ আমিৰ খানে। বিজ্ঞাপনটোৰ জৰিয়তে সকলোকে আগন্তুক দেৱালীত ৰাস্তাত ফটকা ফুটুৱাৰ পৰা বিৰত থাকিবলৈ জনোৱা হয়। ফটকাৰ দ্বাৰা ৰাস্তাত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়, তাৰবাবে বিজ্ঞাপনৰ জৰিয়তে এক সজাগতামূল বাৰ্তা প্ৰেৰণ কৰা হয়। আনকি ফটকা, আতচবাজী ব্যৱহাৰ কৰিলেও সেয়া ঘৰৰ চৌহদৰ ভিতৰতে কৰিবলৈ ভিডিঅ’ৰ জৰিয়তে আহ্বান জনোৱা হয়। কিন্তু বিজ্ঞাপনটো মুকলি হোৱাৰ পিছতে বিজ্ঞাপনত অভিনয় কৰা আমিৰ খানক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদগৰাকীয়ে।

কৰ্ণাটকৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ অনন্ত কুমাৰ হেগড়েই আপত্তি দৰ্শাই কয় যে, আমিৰ খানে অভিনয় কৰা বিজ্ঞাপনটোৱে হিন্দু ৰ্ধমৰ অনুভূতিত আঘাত সানিছে। ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ দিনত মুছলমানসকলে নামাজৰ নামত যিদৰে পথ আৱদ্ধ কৰে, তাৰ বিষয়েও আমিৰ খানে মাত মাতিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

ঘটনাক কেন্দ্ৰ কৰি ১৪ অক্টোবৰত হেগড়েই CEATৰ CEOলৈ এখন ব্যংগাত্মক পত্ৰ প্ৰেৰণ কৰে। CEATৰ CEOলৈ পত্ৰ লিখি তেওঁ কয় যে, কোম্পানীটোৱে হিন্দু বিৰোধী আমিৰ খানক লৈ ৰাস্তাত ফটকা নুফুটাবলৈ যি বিজ্ঞাপন প্ৰচাৰ কৰিছে সেয়া প্ৰশংসনীয়, কিন্তু আমিৰ খানৰ এই বিজ্ঞাপনে হিন্দুৰ মাজত ভৱিষ্যতে অশান্তিৰ সৃষ্টি কৰিব।

প্ৰায়ে বিতৰ্কৰ আৱৰ্ত্তত সোমাই থকা হেগড়েৰ কাৰণে অৱশ্যে এয়া কোনো নতুন কথা নহয় যদিও বিজ্ঞাপন আৰু উক্ত বিৰ্তকৰ ওপৰত সাধাৰণ ৰাইজে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.