অসমচিকিৎসাজন্তুদুৰ্ঘটনাবন্যপ্ৰাণী

পুনৰ হাতীৰ কৰুণ মৃত্যু! মৃত মাকৰ বুকুত থিতাপি ল’লে এবছৰীয়া সন্তানে

মানাহ ৰাষ্ট্ৰীয় উদ্যানত শোকাৱহ ঘটনা। ককিলাবাৰী কৃষি ফাৰ্মত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হাতীৰ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত শোকাৱহ ঘটনা। ককিলাবাৰী কৃষি ফাৰ্মত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হাতীৰ।

বাক্সাৰ ককিলাবাৰী কৃষি ফাৰ্মত পোৱালী থকা মাইকী হাতী চ’লাৰ ফেঞ্চিঙত লাগি কৰুণভাবে মৃত্যু হয়। তাৰ পাছতে হাতীটোৰ পোৱালীটোৱে সৃষ্টি কৰে এক কৰুণ দৃশ্যৰ। এবছৰীয়া মতা হাতীটোৱে নিশাৰ ভাগত মাকক হোৰুৱাই মৃত মাকৰ বুকুত থিতাপি লয়।

উল্লেখ্য যে, ককিলাৰী কেন্দ্রীয় কৃষি ফাৰ্মৰ ৩০ বিঘা মাটি লিজত লৈ ককলাবাৰী গাঁৱৰ কৃষ্ণ কান্ত বসুমতাৰীয়ে ধান খেতি কৰিছিল। বসুমতাৰীয়ে এন্দা বড়োক নিশা খেতি পথাৰ পহৰা দিবলৈ দায়িত্ব দিয়ে। পিছত নিশা চলাৰ ফেঞ্চিঙত বিদ্যুৎ পৰিচালনা কৰাৰ পৰিপ্ৰেক্ষিতত পোৱালী থকা বনৰীয়া মাইকী হাতীটো বিদ্যুতস্পৃষ্ট হৈ মৃত্যু ঘটে।
শুক্ৰবাৰে আবেলি পশু চিকিৎসক ডাঃ প্ৰভাত বসুমতাৰীয়ে মৃত মাইকী হাতীটো মৰণোত্তৰ পৰীক্ষা কৰি শেষকৃত্য সম্পন্ন কৰে। লগতে এবছৰীয়া মতা হাতীটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ ৰেচকিউ চেন্টাৰলৈ প্ৰেৰণ কৰা হয়। এইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মাইকী হাতীটোৰ মৃত্যুৰ সতে জৰিত থকাৰ পৰিপ্ৰেক্ষিতত কৃষ্ণকান্ত বসুমতাৰী আৰু এন্দা বড়োক বন বিভাগ আৰু আৰক্ষীয়ে আটক কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.