Covid-19Educationঅসমগুৱাহাটীস্বাস্থ্য

এদিনতে ২০ গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড ধৰা পৰাৰ পিছতে বন্ধ কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়?

গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ চলি আছিল আৰু তাৰ মাজতে কেইবাগৰাকীৰ দেহত ধৰা পৰিছিল ক'ভিডৰ উপস্থিতি

এদিনতে ২০ গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড ধৰা পৰাৰ পিছতে ৫ দিনৰ বাবে বন্ধ কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ পাঠদানৰ লগতে বন্ধ ৰখা হ’ল হোষ্টেলো।

অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমুহৰ সকলো পাঠদান। লগতে হোষ্টেলসমূহো বন্ধ থাকিব বুলি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ চলি আছিল আৰু তাৰ মাজতে কেইবাগৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি।

সেইবাবে বিশ্ববিদ্যালয় সপ্তাহ বাতিল কৰাৰ লগতে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.