আন্তঃৰাষ্ট্ৰীয়

সুৰাৰ ৰাগিত মাতাল বন্যহস্তী!

দেশীয় সুৰা পান কৰি উৰিষ্যাৰ অৰণ্যত গভীৰ নিদ্ৰাত ২৪টা হাতী

সুৰাৰ ৰাগিত মাতাল বন্যহস্তী, দেশীয় সুৰা পান কৰি উৰিষ্যাৰ অৰণ্যত গভীৰ নিদ্ৰাত ২৪টা হাতী।
উৰিষ্যাৰ এখন গাঁৱৰ মানুহে পৰম্পৰাগত দেশৰ সুৰা ‘মহুয়া’ প্ৰস্তুত কৰিবলৈ এখন অৰণ্যলৈ গৈছিল। সেই সময়তে হাতীৰ এটা জাকে নিচাযুক্ত ফুলেৰে কিণ্বিত পানী খাই আৰু গভীৰ টোপনিত আছে।

কেওনঝাৰ জিলাৰ শিলিপদ কাজু বনাঞ্চলৰ ওচৰত বাস কৰা গাওঁবাসীয়ে দেখিছিল যে মুঠ ২৪টা হাতীয়ে সুৰাপান কৰিছিল। সুৰাপান কৰাৰ পিছত হাতীৰ জাকটো সেই ঠাইতে ঘন্টাৰ পিছত ঘন্টা শুই গৈছিল। বন বিভাগৰ কৰ্মচাৰীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত,হাতীৰ জাকটোক জগাই তুলিবলৈ ঢোল বজাব লগা হৈছিল আৰু তাৰ বহু সময়ৰ পিছতহে হাতীৰ জাকটোক জগাবলৈ সক্ষম হৈছিল।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.