খেল

শোচনীয় পৰাজয়! টি-২০ বিশ্বকাপৰ পৰা বাহিৰ টীম ইণ্ডিয়া।

ভাৰতীয় বলাৰৰ অতি দুৰ্বল প্ৰদৰ্শনেই আছিল মেচখনত ভাৰতৰ পৰাজয়ৰ মূল কাৰণ।

শোচনীয় পৰাজয়েৰে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ টীম ইণ্ডিয়া।

আজি অনুষ্ঠিত হৈ যায় টী২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল আজিৰ খেলখন। ইংলেণ্ডে টছত জিকি প্ৰথমে ভাৰতক বেটিং কৰাৰ সুবিধা দিয়ে। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ অতি সহজে বিজয়ী হয়।

India to face England in T20 WC semi final - TeluguBulletin.com

ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে ভাৰতীয় দলটোক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৬ টা উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৬৩ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৫০ ৰাণ সংগ্ৰহ কৰে। পূৰ্বৰ দৰেই আজিৰ মেচখনত ব্যৰ্থ হয় অধিনায়ক কে এল ৰাহুল। সূৰ্য কুমাৰ যাদৱৰ বেটৰ পৰাও নাহিল অধিক ৰাণ।

India vs England Live Score, T20 World Cup 2022: Pandya leads IND's  recovery with late blitz, takes score to 168/6 | Hindustan Times

ইয়াৰ বিপৰীতে ১৬৯ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা ইংলেণ্ডে ১৬ অভাৰতে এটাও উইকেট নেহেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইংলেণ্ডৰ দুধৰ্ষ বেটছমেন জ’ছ বাটলাৰ আৰু এলেক্স হেলছে অপেনাৰ হিচাপে আৰম্ভ কৰা বেটিঙত অপৰাজিত হৈ এই যুঁটিয়ে অভূতপূৰ্ব প্ৰদৰ্শন কৰে। জ’ছ বাটলাৰে ৪৯ টা বলত ৮০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে এলেক্স হেলছে ৪৭ টা বলত ৮৬ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগে লগে ইংলেণ্ড ফাইনেলত প্ৰৱেশ কৰিছে আৰু এতিয়া টী২০ বিশ্বকাপ ফাইনেল পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 3 =

Back to top button