দৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰতমহাৰাষ্ট্ৰমুম্বাই

শেষ সিদ্ধান্ত! লাউডস্পীকাৰ অবিহনেই পঢ়িব লাগিব নামাজ!!

মুম্বাইত পুৱাৰ আজান এতিয়া লাউডস্পীকাৰ অবিহনে পঢ়িব ইছলামধৰ্মী লোকসকলে।

মুম্বাইৰ মছজিদত লাউডস্পীকাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত!
মুম্বাইত পুৱাৰ আজান এতিয়া লাউডস্পীকাৰ অবিহনে পঢ়িব ইছলামধৰ্মী লোকসকলে।

বুধবাৰে নিশা দক্ষিণ মুম্বাইৰ প্ৰায় ২৬টা মছজিদৰ ধৰ্মীয় নেতাসকলে এই সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰিছিল। বৈঠকত, সিদ্ধান্ত লোৱা হয় যে, উচ্চতম ন্যায়ালয়ৰ আদেশ অনুসৰণ কৰা হ’ব আৰু পুৱা আজান লাউডস্পীকাৰ অবিহনে অনুষ্ঠিত কৰা হ’ব।

দক্ষিণ মুম্বাইৰ ‘চুন্নী ডাঙৰ মছজিদ’ত মুছলমান ধৰ্মগুৰুসকলে অনুষ্ঠিত কৰিছিল বৈঠকখন। বৈঠকত বাইকুল্লাৰ মদনপুৰা, নাগপাদা আৰু আগ্ৰিপাদা অঞ্চলৰ মুছলমান ধৰ্মগুৰুসকলেও অংশগ্ৰহণ কৰিছিল। ধৰ্মীয় নেতাসকলে সভাত সিদ্ধান্ত লয় যে, আদালতৰ সিদ্ধান্ত অনুসৰি, নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ এই অঞ্চলসমূহত লাউডস্পীকাৰত কোনো আজান নাথাকিব। বৃহস্পতিবাৰে ৰাতিপুৱা এই সভাৰ প্ৰভাৱ দেখা গৈছিল। বৃহস্পতিবাৰে ৰাতিপুৱা মুম্বাইৰ বিখ্যাত মিনাৰা মছজিদত ৰাতিপুৱা আজান লাউডস্পীকাৰ অবিহনে অনুষ্ঠিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button