আঞ্চলিক

মাৰ্ঘেৰিটাত অসম আৰক্ষীৰ ৮ বস্তা অবৈধ কয়লা জব্দ ;

লিবিয়ান গগৈ আৰু কৃষ্ণ কে টি দেব নামৰ দুজন কয়লা মাফিয়াক আটক মাৰ্ঘেৰিটা আৰক্ষীৰ

দেওবাৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে ৮ বস্তা কয়লাৰে ভৰ্তি এখন মাৰুতি অমনি ভান জব্দ কৰে।

আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ বাসিন্দা লিবিয়ান গগৈ আৰু কৃষ্ণ কে টি দেব নামৰ দুজন কয়লা মাফিয়াক আটক কৰে।

সূত্ৰঅনুসৰি, এক নিৰ্দিষ্ট তথ্যত, আৰক্ষীয়ে নামদাং কলিয়াৰীৰ ওচৰৰ চাংলাং মাৰ্ঘেৰিটাত পঞ্জীয়ন নম্বৰ (এএছ 23এ 4121) থকা অবৈধ কয়লাৰে ভৰ্তি মাৰুতি অমনি ভান এখন আটক কৰে।

জব্দ কৰা বাহন আৰু আটক কৰা দুয়োজন মাফিয়াক পিছত মাৰ্ঘেৰিটা আৰক্ষী থানালৈ লৈ যোৱা হয়।

উল্লেখ্য় যে, ২৬৯/২০২১ নম্বৰৰ গোচৰ ৰুজুৰে সৈতে আটক কৰা কয়লা মাফিয়া দুয়োকে ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 4 =

Back to top button