শ্ৰেণীবিহীন

ডিব্ৰুগড়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া।

পৰিদৰ্শন ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় 'অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়'।

ডিব্ৰুগড়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া। ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মীয়মান ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ‘অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়’ পৰিদৰ্শন ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াৰ। ডিব্ৰুগড় ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, ক্ৰীড়া প্ৰকল্প আৰু অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজি চুক্তি সম্পাদন কৰে ৰাজ্যপালগৰাকীয়ে। লগতে ডিব্ৰুগড়ৰ খনিকৰস্থিত ক্ৰীড়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ২৪ চনৰ মাৰ্চৰ ভিতৰত প্ৰকল্পস্থলী কাৰ্যক্ষম হৈ উঠিব বুলি উল্লেখ কৰে।

পুৱাই ডিব্ৰুগড় বিমানবন্দৰত অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিষয়ববীয়া আৰু জিলা প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ইয়াৰ পাছতে চাবুৱাত নিৰ্মীয়মান বিশ্ববিদ্যালয়খনৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে স্বচক্ষে পৰিদৰ্শন কৰে। বিয়লি ডিব্ৰুগড় কানৈ মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতেও মিলিত হৈ ক্ৰীড়া বিশ্ববিদ্যালয়খন চলাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.