অপৰাধঅসমঅসম আৰক্ষীউৎসৱগুৱাহাটীদুৰ্ঘটনা
Trending

ব’লব’মলৈ গৈ মৃত্যুক সাৱটিলে এজন যুৱকে

বিপ্লৱৰ সৈতে আন তিনিজন বন্ধু উপস্থিত আছিল বুলি অভিযোগ উঠিছে

ব’লব’মলৈ যোৱাৰ সময়ত স্বেচ্ছাসেৱকৰ দলবদ্ধ আ/ক্ৰম/ণত জ্বৰাক্ৰান্ত বিপ্লৱ নামৰ এজন যুৱকৰ কৰুণ মৃত্যু ঘটে গুৱাহাটীত। জানিব পৰা মতে, বিপ্লৱে দিন হাজিৰা কৰি আইতাকক পোহপাল দি আছিল।

পৰিয়ালৰ অভিযোগ অনুসৰি, কেৱল জেকেট পিন্ধি যোৱাৰ বাবে নীলা ফিটাৰ কাৰ্ড পিন্ধা স্বেচ্ছাসেৱকৰ এক দলে প্ৰ/হাৰ কৰিছিল বিপ্লৱক। দেওবাৰে সংঘটিত এই ঘটনাত বিপ্লৱৰ সৈতে আন তিনিজন বন্ধু উপস্থিত আছিল বুলি অভিযোগ উঠিছে।

ঘটনাৰ পিছত পৰিয়ালে দোষী সকলৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। আনহাতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সঠিক তদন্তৰ বাবে বিপ্লৱৰ মৃতদেহ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (GMCH) প্ৰেৰণ কৰিছে। পৰৱৰ্তী সময়তহে গম পোৱা যাব এই ঘটনাৰ আৰৰ কাহিনী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 1 =

Back to top button