অসমৰাজনৈতিক

পাৰ্টী নহয়, প্ৰাৰ্থীহে গুৰুত্বপূৰ্ণ!

পৌৰসভা নিৰ্বাচনৰ ফলাফলত হাইলাকান্দি পৌৰসভাৰ ১৬টা ৱাৰ্ডৰ ভিতৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে ১০টা ৱাৰ্ড। তাৰ বিপৰীতে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ৬টা ৱাৰ্ড। জিলাখনত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে নিৰ্দলীয় প্ৰাৰ্থীয়ে।

হাইলাকান্দি পৌৰসভাৰ ১, ৫, ৭, ৮, ৯, ১০, ১১, ১২, ১৩, আৰু ১৬নং ৱাৰ্ডত জয় লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে। বিপৰিতে বিজেপী প্ৰাৰ্থীয়ে জয় লাভ কৰে ২, ৩, ৪, ৬, ১৪ আৰু ১৫নং ৱাৰ্ডত।

ইফালে, ৮নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী উমা চৌধুৰী, ৯নং ৱাৰ্ডৰ ৰাজু চক্ৰৱৰ্তী, ১০নং ৱাৰ্ডৰ ঝৰ্ণা ভৌমিক, ১২নং ৱাৰ্ডৰ চম্পা সেনগুপ্ত আৰু ১৬নং ৱাৰ্ডৰ বিজয়ী সুমিত্ৰা দেৱনাথে দাবী কৰিছিল বিজেপিৰ প্ৰাৰ্থিত্ব। কিন্তু প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অৱশেষত জয় লাভ কৰে।

আনহাতে, এইবাৰ হাইলাকান্দি পৌৰসভা নিৰ্দলীয়ই গঠন কৰে নে নিৰ্দলীয় সমৰ্থিত বিজেপিৰ পৌৰসভা হ’ব তাক লৈ চলিছে চৰ্চা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.