leatest updateঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰি

সপোনবোৰত যেন নিমিষতে আউল লাগি গ’ল। নিযুক্তি পত্ৰ লৈ ঘৰ নাপালেগৈ উজ্জ্বল নাথ।

মাতৃৰ বুকু উদং কৰি অকালতে অজান দেশলৈ গুচি গ'ল উজ্জ্বল নাথ।

মৰ্মান্তিক, হৃদয়বিদাৰক। উজ্বল নাথৰ ঘৰত এতিয়া কেৱল কান্দোনৰ ৰোল। এক বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ। চাৰিওদিশে শোকাকুল পৰিৱেশ, সকলোৰে চকুত কেৱল চকুপানী। মাতৃৰ বুকু উদং কৰি অকালতে অজান দেশলৈ গুচি গ’ল উজ্জ্বল নাথ।

৩য় বৰ্গৰ চাকৰি পাইছিল ছিপাঝাৰৰ উজ্বলে। হাঁহি মুখে নিযুক্তি পত্ৰ লৈ ঘৰলৈ বুলি উভতিছিল উজ্বল। উজ্বলৰ ঘৰত তেতিয়ালৈকে আনন্দৰ বন্যা। কাৰণ পুত্ৰই চাকৰি পাইছে। ঘৰখনৰ একমাত্ৰ লৰাই আছিল উজ্বল। মাক, দেউতাক, ভনীয়েক, আইতাক সকলোৱে বাট চাই আছিল উজ্বললৈ। কাৰণ খানাপাৰাত নিযুক্তিপত্ৰ লৈ ঘৰলৈ বুলি আহি আছিল উজ্বল…

কিন্তু নিষ্ঠুৰ নিয়তিৰ কি খেল! ঘৰ নাপালেহি উজ্বল। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাই ঘূৰি নহাৰ পথেৰে গুছি গ’ল ছিপাঝাৰৰ উজ্বল নাথ। নিথৰ দেহ হৈ ঘৰলৈ উভতিল উজ্বল। মাতৃৰ বুকু উদং কৰি গুছি গ’ল উজ্বল, কেতিয়াও ঘূৰি নহাৰ পথেৰে। ছিপাঝাৰ ককাইতোলাৰ নিজ বাসগৃহত মৃতদেহ অনাৰ পিছতে শোকাকুল পৰিবেশ। কান্দোনত ভাগি পৰিছে পৰিয়ালৰ সকলো লোক।

ৰাইজৰ দাবী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেণ্ডযুক্ত কৰাৰ লগতে উজ্বলৰ একমাত্ৰ ভগ্নীক কৰ্মসংস্থাপন দিবলৈ চৰকাৰলৈ ৰাইজৰ দাবী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.