Covid-19EducationSocialঅসম

“এইবাৰৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই” – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

আজি ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ মেট্ৰিকৰ ফলাফল। ক’ভিড পৰিস্থিতিৰ মাজতে শিক্ষা বিভাগে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

এই পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৮৩ শতাংশ। সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১২,২৭৫ গৰাকী।

পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়। লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত কয়- “এইবাৰৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই। ল’ৰাবিলাকে পাছ কৰিছে মই সিহঁতক এটায়ে কথা কম যে পৰীক্ষা হোৱা নাই পাছ কৰিছে, উচ্চতৰ মাধ্যমিকৰ বছৰ দুটা যাতে ভালকৈ পঢ়া-শুনা কৰে। এই ৰিজাল্টৰ চৰকাৰী ভেল্যু আছে কিন্তু ছাত্ৰ-ছাত্ৰীৰ আত্মাৰ ফালৰ পৰাটো একো ভেল্যু নাই। কিয়নো যিজন ছাত্ৰ বা ছাত্ৰীয়ে পাব লাগিছিল ৭০ নম্বৰ, পালে ১০০ নম্বৰ। গতিকে এই ৰিজাল্টক লৈ আত্মসন্তুষ্টি নলৈ, দুখ বা সুখ নকৰি তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষত যাতে খুব মনোযোগেৰে পঢ়ে, তাৰবাবে মই ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.