Covid-19

কৰ’নাৰ মাজতে জাপে জাপে নিৰ্মাণ চহাকৃষকৰ শিৰৰ মুকুট পানী জাপি

লখিমপুৰ জিলাৰ নাওবৈচাৰ আমগুৰি গাঁৱত জাপি নিৰ্মাণ কৰাৰ এক সাতামপুৰুষীয়া পৰম্পৰা। চহাকৃষকৰ শিৰৰ মুকুট স্বৰূপ পানী জাপি বা হালোৱা জাপি প্ৰস্তুত কৰে আমগুৰি গাঁৱবাসীয়ে৷

ৰদ বৰষুণৰ পৰা ৰক্ষা পাবলৈ চহা কৃষক সকলে মূৰত পিন্ধে বাঁহ বেত আৰু টকৌ পাতেৰে তৈয়াৰী পানী জাপি কিন্তু কৃষিক্ষেত্ৰত ব্যাপক ভাৱে আধুনিকতাৰ প্ৰভাৱ পৰাৰ বাবে এতিয়া বহু পৰিমাণে জনপ্ৰিয়তা কমিছে হালোৱা জাপিৰ।

লখিমপুৰ জিলাৰ নাওবৈচাৰ আমগুৰি গাঁৱখনত এই পানী জাপি নিৰ্মাণ কৰা এটা বংশানুক্ৰমিক পৰম্পৰা আছে। গাঁৱখনৰ প্ৰায় ৮০শতাংশ পুৰুষ মহিলাই নিৰ্মাণ কৰিব জানে পানীজাপি।

কৰ’নাৰ প্ৰভাৱত প্ৰায় বন্ধ হৈ পৰিছে বজাৰ সমাৰ। ইয়াৰ মাজতেই কিন্তু গাঁওখনৰ লোকে সজীৱ কৰি ৰাখিছে বোপাককাৰ সজ। জাপে জাপে জাপি নিৰ্মাণ কৰি জমা কৰিছে গৃহত।

গাওঁখনত পৰম্পৰাগত ভাৱে জাপি নিৰ্মান কৰাটো এক কৰ্মসংস্কৃতি যদিও ইয়াৰ মাজতে জীৱন জিৱিকাৰ উদ্দেশ্যও নিহিত হৈ আছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.