Social Networkঅপৰাধঅসম

অনলাইন দুষ্টচক্ৰৰ জালত পৰি শিক্ষক দম্পতীয়ে হেৰুৱালে ২২ লাখ ২৫ হাজাৰ টকা

দুষ্টচক্ৰৰ চলনাত পৰি সৰ্বস্ব হেৰুৱালে গহপুৰৰ এহাল শিক্ষক দম্পত্তীয়ে

বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এক ঘটনা হৈছে অনলাইন জালিয়াতি। অনলাইন জালিয়াতিৰ কৱলত পৰি বহুতেই হেৰুৱাইছে কষ্টোপাৰ্জিত ধন। এইবাৰ দুষ্টচক্ৰৰ চলনাত পৰি সৰ্বস্ব হেৰুৱালে গহপুৰৰ এহাল শিক্ষক দম্পত্তীয়ে।

এই ঘটনা সংঘটিত হৈছে গহপুৰ চহৰৰ প্ৰাঞ্জল নগৰত৷ গহপুৰ কলেজিয়েট স্কুলৰ শিক্ষক গুণেন্দ্ৰ বৰালৈ অহা এটা ফোনকলেই যেন সকলো সলনি কৰিলে শিক্ষকজনৰ। অসমৰ বাহিৰৰ এটা দুষ্টচক্ৰই গুণেন্দ্ৰ বৰালৈ ফোন কৰি দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা তেখেতৰ Max Life Insuranceৰ একাউন্টৰ সবিশেষ বিচাৰে ৷

চলাহীৰ কথাত ভোল গৈ শিক্ষকগৰাকীয়ে Whatsapp যোগে পঠিয়াই দিয়ে Insuranceৰ এটা কপি। পত্ৰ প্ৰেৰণৰ দুদিনৰ পিছত তেওঁলৈ এখন ভুৱা পত্ৰ প্ৰেৰণ কৰে দুষ্টচক্ৰই৷ বন্ধ হৈ থকা পলিচীটো সক্ৰিয় কৰিলে পূৰ্বতকৈ বেছি টকা লাভ কৰাৰ প্ৰলোভন দিয়ে চক্ৰটোৱে। কথাত ভোল যোৱা গুণেন্দ্ৰ বৰাই কিছুদিনৰ পাছতে নিজৰ একাউন্টৰ পৰা প্ৰথমতে ২০হাজাৰ টকা আৰু পৰৱৰ্তী সময়ত এক লাখ বিশ হাজাৰ টকা আদায় দিয়ে।

অসমৰ বাহিৰৰ এই একাউণ্টটোৱে ধন লাভ কৰাৰ পিছত পুনৰ অসমৰ শাখা মেনেজাৰ ছহিদুল ইছলাম নামৰ এজন প্ৰৱঞ্চকে ফোন কৰে শিক্ষকজনলৈ৷ হোজাই SBIত একাউণ্ট থকা ছহিদুলে অসমীয়া ভাষাতে কথা পাতি আদায় কৰিলে ১৬ লাখ টকা৷ এতিয়া পৰ্যন্ত ২২ লাখ টকা হেৰুৱাই সৰ্বস্ৰান্ত হৈ পৰিছে শিক্ষক দম্পতী ৷

লাহে-লাহে এই দুষ্ট চক্ৰ গতি-বিধি ধৰিব পাৰি শিক্ষকগৰাকীয়ে আইনৰ কাষ চাপে। শিক্ষক দম্পত্তীহালে গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে কোনোধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে। অৱশ্যে আৰক্ষীৰ এটা দল হোজাইৰ ছহিদুলৰ ঘৰলৈ গৈছিল যদিও উলিয়াব নোৱাৰিলে কোনো শুংসূত্ৰ। যাৰবাবে এতিয়া বিপাঙত পৰিছে গুণেন্দ্ৰ বৰা আৰু পৰিবাৰ। বন্ধুবৰ্গৰ পৰা বিচাৰি অনা টকা উভতাই দিব নোৱাৰা শিক্ষকগৰাকীয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে কাতৰ অনুৰোধ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button