Assamleatest updateSports

আজি ৪০সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন।

যোৰহাটত ৰেলীত অংশগ্ৰহণ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ।

আজি ৪০সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন। গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস। মহানগৰীৰ চানমাৰিৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ৰেলী। গুৱাহাটীৰ উপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন ক্ৰীড়া দিৱস। যোৰহাটত ৰেলীত অংশগ্ৰহণ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ।

ৰাজ্যৰ ভিন্ন প্ৰন্তৰ লগতে যোৰহাটতো কৰা হৈছে পালন অভিৰুচি দিৱস। ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন উপলক্ষে অনুষ্ঠিত হৈছে সামূহিক দৌৰ। যোৰহাটৰ প্ৰাত:ভ্ৰমণ ক্ষেত্ৰ আমাৰ যোৰহাটৰ উদ্যোগত প্ৰাতঃভ্ৰমণ ক্ষেত্ৰৰ পৰা উলিওৱা হয় এই সামূহিক দৌৰ কাৰ্যসূচী।সামূহিক দৌৰৰ ফ্লেগ অফ কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। সামূহিক দৌৰত অংশগ্ৰহণ কৰে যোৰহাট অঞ্চলৰ শতাধিক লোকে। অভিৰুচি দিৱস উপলক্ষে অৰ্জুন ভোগেশ্বৰ বৰুৱাসহ কেবাগৰাকীও প্ৰবীণ খেলুৱৈক যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহত অনুষ্ঠিত হ’বলগীয়া সভাত জনোৱা হ’ব বিশেষ সম্বৰ্ধনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.