অসমদৈনিক বাতৰি

নাওবৈচাত বানৰ মাজতে শোকাৱহ দৃশ্য, বাঢ়নী পানীৰ মাজতে মৃতকৰ তিলনি পাতিলে এটা পৰিয়ালে

নাওবৈচাত বানৰ মাজতে শোকাৱহ দৃশ্য, বাঢ়নী পানীৰ মাজতে মৃতকৰ তিলনি পাতিলে এটা পৰিয়ালে

লখিমপুৰৰ নাওবৈচাৰ বানৰ মাজতে মৃতকৰ তিলনি পাতিলে এটা পৰিয়ালে। ১৫ জুনত শিঙৰা নদীৰ বাঢ়নী পানীত মৃত্যু হৈছিল শলমৰীয়া গাঁৱৰ খগেন শইকীয়াৰ। বানৰ বুৰ যোৱা নিজৰ বাসগৃহ চাবলৈ গৈ হাৰ্ট এটেক হৈ মৃত্যু মুখত পৰিছিল খগেন শইকীয়া।

দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী খগেন শইকীয়া এটা বিস্কুট ফেক্টৰীৰ কৰ্মচাৰী আছিল। বুধবাৰে বাঢ়নী পানীৰ মাজতে শেষকৃত্য সম্পন্ন কৰা হৈছিল লোকজনৰ। আজিও বাসগৃহৰ চাৰিওফালে পানীয়ে আগুৰি থকাত পানীৰ মাজতে শোকাকুল পৰিৱেশত সম্পূৰ্ণ ৰীতি–নিয়মেৰে পালন কৰা হয় খগেন শইকীয়াৰ তিলনি।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.