leatest updateঅসমগুৱাহাটীজীৱনশৈলীভাৰতমনোৰঞ্জন

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল অসমীয়া খাদ্য! মাছৰ টেঙা আৰু ফুলকবি পিটিকা খাই আপোন পাহৰা হ’ল মাষ্টাৰ চেফৰ বিচাৰক

Sony TV ত সম্প্ৰচাৰিত হোৱা মাষ্টাৰ চেফ ইণ্ডিয়াত জিলিকিছে অসমৰ দুগৰাকী প্ৰতিযোগী জাগীৰোডৰ শান্তাপৱন শৰ্মা আৰু তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া।

Sony TV ত সম্প্ৰচাৰিত হোৱা মাষ্টাৰ চেফ ইণ্ডিয়াত জিলিকিছে অসমৰ দুগৰাকী প্ৰতিযোগী জাগীৰোডৰ শান্তাপৱন শৰ্মা আৰু তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া। সুন্দৰ ৰন্ধনেৰে বিচাৰকৰ মন জয় কৰিছে দুয়ো গৰাকী প্ৰতিযোগী।

শেহতীয়াকৈ পৰিয়াল বিশেষ এটি খণ্ডত জাগীৰোডৰ বোৱাৰী শান্তাপৱন শৰ্মাই ৰান্ধিছিল অসমীয়াৰ আৱেগ মান ধনিয়া মাছৰ টেঙা আৰু ফুলকবি পিটিকা।উল্লেখ্য যে বিশেষ খণ্ডটিত শান্তাৰ স্বামীও উপস্থিত আছিল।

শান্তা পৱন শৰ্মাই এক নতুন ৰূপ দিছিল মাছৰ টেঙা আৰু ফুলকবি পিটিকাক। শান্তাই ৰন্ধা মানধনিয়া মাছৰ টেঙা আৰু ফুলকবি পিটিকা খাই বিচাৰক সকল প্ৰফুল্লিত হৈ পৰিল। বিচাৰক বিকাশ খান্না, ৰণবীৰ ব্ৰৰাৰ আৰু গৰিমা অৰৌৰায়ে প্ৰশংসাৰে উপচালে শান্তাক। কেৱল ইমানেই নহয় খণ্ডটিৰ Dish Of The Day-ও পাবলৈ সক্ষম হ’ল শান্তাই ৰন্ধা মানধনিয়া মাছৰ টেঙা আৰু ফুলকবি পিটিকা। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খাদ্যৰ প্ৰশংসা দেখি গৌৰাৱান্বিত হৈ পৰিছে অসমবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.