আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলীফেশ্বনভাৰত

২১ বছৰৰ অন্তত দেশলৈ মিছ ইউনিভাৰ্ছৰ মুকুট কঢ়িয়াই অনা হাৰনাজ সন্ধু আচলতে কোন?

ইজৰাইলৰ ইলাটত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাত পাৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মচৱানেক পৰাভূত কৰি বিজয়ৰ মুকুট পিন্ধিলে হাৰনাজে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৯৪ চনত অভিনেত্ৰী সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই অৰ্জন কৰিছিল এই খিতাপ। হাৰনাজৰ সফলতাত এতিয়া উৎফুল্লিত দেশবাসী। ছ'চিয়েল মিডিয়াত সকলোৱে হাৰনাজ সন্ধুক শুভকামনাৰে ওপচাই পেলাইছে।

ভাৰতৰ বাবে আজি গৌৰৱৰ দিন। সুদীৰ্ঘ ২১ বছৰৰ অন্তত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে হাৰনাজ সন্ধুৱে। হাৰনাজ সন্ধুৰ শিৰত জিলিকিছে মিছ ইউনিভাৰ্ছ ২০২১ৰ মুকুট। ৭০ সংখ্যক মিছ ইউনিভাৰ্ছ ২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰি গৌৰৱান্বিত কৰিলে পঞ্জাৱৰ জীয়ৰী হাৰনাজে।২১ বছৰৰ অন্তত দেশলৈ মিছ ইউনিভাৰ্ছৰ মুকুট কঢ়িয়াই অনা হাৰনাজ সন্ধু আচলতে কোন?ইজৰাইলৰ ইলাটত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাত পাৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মচৱানেক পৰাভূত কৰি বিজয়ৰ মুকুট পিন্ধিলে হাৰনাজে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৯৪ চনত অভিনেত্ৰী সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই অৰ্জন কৰিছিল এই খিতাপ। হাৰনাজৰ সফলতাত এতিয়া উৎফুল্লিত দেশবাসী। ছ’চিয়েল মিডিয়াত সকলোৱে হাৰনাজ সন্ধুক শুভকামনাৰে ওপচাই পেলাইছে।

পিছে মিছ ইউনিভাৰ্ছ ২০২১ হাৰনাজ সন্ধু আচলতে কোন?

হাৰনাজ সন্ধু হৈছে এগৰাকী মডেল। চণ্ডীগড়ৰ মডেল হাৰনাজ সন্ধুৱে পূৰ্বে বহুকেইটা সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হ’বলৈ সক্ষম হৈছে। Miss Diva 2021 আৰু Femina Miss India Punjab 2019ৰ খিতাপো দখল কৰিছে হাৰনাজে। আনকি Femina Miss India 2019ৰ শীৰ্ষ Top 12তো স্থান পাইছিল সন্ধুৱে।২১ বছৰৰ অন্তত দেশলৈ মিছ ইউনিভাৰ্ছৰ মুকুট কঢ়িয়াই অনা হাৰনাজ সন্ধু আচলতে কোন?মডেলিঙৰ সমান্তৰালভাৱে অভিনয়তো আছে হাৰনাজৰ বিশেষ দখল। Yaara Diyan Poo Baran আৰু Bai Ji Kuttangeৰ দৰে পঞ্জাৱী চিনেমাত অভিনয় কৰা হাৰনাজে বৰ্তমান Public Administration বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী কৰি আছে। চণ্ডীগড়ৰ শিৱালিক পাব্লিক স্কুলত অধ্যয়ন কৰা হাৰনাজে চণ্ডীগড়ৰ এখন কলেজত পঢ়ি আছে স্নাতকোত্তৰ বিষয়। তেখেতৰ মাতৃ ৰবিন্দৰ সন্ধু পেছাত এগৰাকী চিকিৎসক আৰু তেখেতৰ পিতৃ হৈছে এগৰাকী ব্যৱসায়ী।

২১ বছৰৰ অন্তত দেশলৈ মিছ ইউনিভাৰ্ছৰ মুকুট কঢ়িয়াই অনা হাৰনাজ সন্ধু আচলতে কোন?

মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰা হাৰনাজ সন্ধুয়ে উজ্বলালে দেশৰ নাম। দীৰ্ঘ সময়ৰ বিৰতি ভাঙি সৌন্দৰ্য্যৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা হাৰনাজ সন্ধুৰ নাম এতিয়া সকলোৰে মুখে মুখে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button