আন্তঃৰাষ্ট্ৰীয়

কানাডাত গুলীয়াই হত্যা ভাৰতীয় শিক্ষাৰ্থীক…

ৰেষ্টুৰেণ্টলৈ কাম কৰিবলৈ যোৱাৰ সময়তে মেট্ৰ' ষ্টেচনত গুলীয়াই হত্যা কৰা হয় কাৰ্তিকক।

কানাডাৰ টৰণ্টো চহৰত নৃশংস হত্যাৰ বলি ভাৰতীয় ছাত্ৰ। ২১ বছৰীয়া এজন ছাত্ৰৰ শৰীৰ ভেদি গ’ল কেইবাটাও বন্দুকৰ গুলীয়ে। বৃহস্পতিবাৰে টৰ’ণ্ট’ৰ এটা মেট্ৰ’ ষ্টেচনত সংঘটিত হয় এই ঘটনা।

 

চেনেকা বিশ্ববিদ্যালয়ৰ পৰা গ্ল’বেল মেনেজমেণ্ট বিষয়ত প্ৰথম বাৰ্ষিকত অধ্যয়নৰত কাৰ্তিক বাসুদেৱে বিশ্ববিদ্যালয়লৈ যোৱাৰ পিছতে এখন ৰেষ্টুৰেণ্টত চাকৰি পাইছিল। কিন্তু ৰেষ্টুৰেণ্টলৈ কাম কৰিবলৈ যোৱাৰ সময়তে মেট্ৰ’ ষ্টেচনত গুলীয়াই হত্যা কৰা হয় কাৰ্তিকক।

 

গাজিয়াবাদ চহৰৰ কাৰ্তিক বাসুদেৱ নামৰ ছাত্ৰজনক বৃহস্পতিবাৰে বিয়লি কানাডাত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। অৱশ্যে এতিয়ালৈকে গম পোৱা নাই এই হত্যাকাণ্ডৰ আঁৰৰ ঘটনা। অসহায় পৰিয়ালবৰ্গই এতিয়া সহায় ভিক্ষা মাগিছে চৰকাৰৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.