অসমআঞ্চলিকৰাজনৈতিক

ফাদিল হল কংগ্ৰেছৰ গুপ্তচৰ! কংগ্ৰছৰ গোপন সভাত নেতৃবৃন্দৰ ভাষ্য গোপনে বন্দী কৰা কোন এইগৰাকী বিধায়িকা?

ফাদিল হ’ল বকোৰ বিধায়িকা নন্দিতা দাসৰ কাণ্ড।

সঁচাকৈ কংগ্ৰেছত আছে নেকি বিজেপিৰ গুপ্তচৰ! কিছু দিনৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে, কংগ্ৰেছৰ প্ৰতিটো মুহূৰ্তৰ খবৰ দিয়ে বিজেপিক। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছত গুপ্তচৰ বিছাৰি লাগিছিল হাহাকাৰ। মুখ্যমন্ত্ৰীয়ে কেনেকৈ পায় কংগ্ৰেছৰ প্ৰতিমুহুৰ্তৰ খবৰ।

অৱশেষত ফাদিল হল কংগ্ৰেছৰ গুপ্তচৰ। বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ। ফাদিল হ’ল বকোৰ বিধায়িকা নন্দিতা দাসৰ কাণ্ড। দেওবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক AICCৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ ভাষ্য গোপনে মোবাইলত বন্দী কৰিছিল বকোৰ বিধায়িকা নন্দিতা দাসে। পৃথ্বীৰাজ সাথেইৰ ভাষণ কিয় ৰেকৰ্ডিং কৰিছিল বিধায়িকাই।

বিধায়িকা নন্দিতা দাসৰ অভিপ্ৰায়ক লৈ এতিয়া উঠিছে সন্দেহৰ আঙুলি। গোপন সভাত নেতৃবৃন্দৰ ভাষ্য বিধায়িকাই কিয় বন্দী কৰিছিল কেমেৰাত। এই ভিডিঅই এতিয়া বিপদত পেলাব পাৰে বকোৰ বিধায়িকা নন্দিতা দাসক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − five =

Back to top button