অপৰাধভাৰতৰাজনৈতিক

ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) জ্যেষ্ঠ নেতাজনক ২ নৱেম্বৰত পিএমএলএৰ বিভিন্ন ধাৰাৰ অধীনত প্ৰৱৰ্তন সঞ্চালকালয়ে(Enforcement Directorate) (ED) গ্ৰেপ্তাৰ কৰিছিল।

চৈধ্য দিনৰ ন্য়ায়িক জিম্মাত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ। ধন ৰপ্তানি গোচৰ(Money Laundering)ত গ্ৰেপ্তাৰ প্ৰাক্তন গৃহমন্ত্ৰীগৰাকী।

২ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল অনিল দেশমুখক। সোমবাৰে, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক।

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) জ্যেষ্ঠ নেতাজনক ২ নৱেম্বৰত পিএমএলএৰ বিভিন্ন ধাৰাৰ অধীনত প্ৰৱৰ্তন সঞ্চালকালয়ে(Enforcement Directorate) (ED) গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে, মুম্বাই আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত পৰম বীৰ সিঙে দেশমুখৰ বিৰুদ্ধে তৰিছে ধন দাবী আৰু ধন ৰপ্তানিৰ অভিযোগ। সিঙে অভিযোগ তুলিছে যে, নিলম্বিত আৰক্ষী বিষয়া শচীন ৱাজেক মুম্বাইৰ বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ কোৱাৰ লগতে বিভিন্ন অপৰাধমূলক কামত জড়িত আছিল অনিল দেশমুখ।

বৰ্তমান ন্যায়িক জিম্মাত থকা ৭২ বছৰীয়া নেতাগৰাকীক দৰৱ-পাতি গ্ৰহণৰ বাবে অনুমতি দিছে আদালতে। তেখেতৰ অধিবক্তাৰ মন্তব্য অনুসৰি পিঠিৰ বিষত আক্ৰান্ত নেতাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.