অসম

১৭ জুন তাৰিখে অসমলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অৰুণাচল-অসম সীমান্তৱৰ্তী ঘাইপথ উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে

১৭ জুন তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। লখিমপুৰৰ অৰুণাচল-অসম সীমান্তৱৰ্তী ঘাইপথ উদ্বোধন কৰিবলৈ বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।

লখিমপুৰ জিলাৰ কিমিন বিলগড়ত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব সাতটাকৈ পথ। সীমান্ত পথ প্ৰাধিকৰণৰ (Border Roads)ৰ দ্বাৰা নিৰ্মিত কিমিনৰ পৰা পুটিন সংযোগী পথটো নিজহাতে উদ্বোধন কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে অনলাইনযোগে উদ্বোধন কৰিব আন ছটা পথ।

বৃহস্পতিবাৰে বিশেষ বিমানেৰে দুপৰীয়া ১২.২০ বজাত লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। পৰৱৰ্তী সময়ত ১২.২৫ বজাত লীলাবাৰীৰ পৰা MI-17 হেলিকপ্টাৰেৰে কিমিন বিলগড়লৈ উৰা মাৰিব মন্ত্ৰীগৰাকী৷ উদ্বোধনী সভাত অংশ লোৱাৰ পাছত লীলাবাৰী বিমানকোঠৰ পৰা বিয়লি ৩.১১বজাত উৰা মাৰিব গুৱাহাটীলৈ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.