অৰ্থনৈতিক

১৪ বছৰৰ পিছত দুটকীয়া হ’ব এটকাতে পোৱা জুইশলা…

২০০৭ চনত ৫০ পইছাৰ পৰা ১ টকালৈ বৃদ্ধি পাইছিল জুইশলাৰ মূল্য। তাৰ পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বৃদ্ধি পাব জুইশলাৰ দাম।

চিলিণ্ডাৰ, পেট্ৰল-ডিজেল, মিঠাতেল, চাবোনৰ পিছত এইবাৰ দুগুণ বাঢ়িব জুইশলাৰ দাম। চৈধ্য বছৰৰ পিছত বাঢ়িব ১ টকীয়া জুইশলাৰ মূল্য।

২০০৭ চনত ৫০ পইছাৰ পৰা ১ টকালৈ বৃদ্ধি পাইছিল জুইশলাৰ মূল্য। তাৰ পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বৃদ্ধি পাব জুইশলাৰ দাম।

বৃহস্পতিবাৰে, All India Chamber of Matchesয়ে এখন বৈঠকৰ জৰিয়তে ঘোষণা কৰে এই কথা। জুইশলা নিৰ্মাণকাৰী সংস্থাই কয় যে, এটা জুইশলা বাকচৰ বাবে ১৪ বিধ কেঁচামালৰ প্ৰয়োজন হয়। ১ কিগ্ৰা. ৰঙা ফছফৰাছৰ মূল্য ৪২৫ টকাৰ পৰা ৮১০ টকালৈ বৃদ্ধি পাইছে। আনকি ১০ অক্টোবৰৰ পৰা জুইশলা নিৰ্মাণত প্ৰয়োজন হোৱা সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে।

যাৰবাবে যথেষ্ট লোকচানৰ সন্মুখীন হোৱা জুইশলা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ১ ডিচেম্বৰৰ পৰা জুইশলাৰ দাম বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.