অসমঅসম আৰক্ষীগুৱাহাটীভাৰত

গুৱাহাটী মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড

টেম্প' চালক আৰু ই-ৰিক্সা চালকৰ মাজৰ সংঘাতৰ ভয়ংকৰ পৰিণতি

শিৱৰাত্ৰিৰ দিনা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ গুৱাহাটী মহানগৰীক। শিৱৰাত্ৰিৰ নিশা মহানগৰীৰ ওদালবাক্ৰাত সংঘটিত হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ বিৰাজ কৰিছে। ই-ৰিক্সা আৰু টেম্প চালকৰ মাজত হোৱা সাধাৰণ মাৰপিটৰ ঘটনাই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে।

ইয়াৰ পৰিণতিস্বৰূপে এজন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, নৱ ৰয় নামৰ টেম্প চালকজনে মহম্মদ ৰহিজুদ্দিন নামৰ ই-ৰিক্সা চালকজনক নৃশংসতাৰে হত্যা কৰে।

উল্লেখ্য যে, টেম্প চালক নৱ ৰয়ে ই-ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিনক শিলেৰে উপৰ্যুপৰি প্ৰহাৰ কৰাত লোকজনৰ থিতাতে মৃত্যু হয়। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে নিশা টেম্প চালক নৱ ৰয়ক গ্ৰেপ্তাৰ কৰে।

ইফালে, আৰক্ষীয়ে ই-ৰিক্সা চালকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান ফটাশিল আমবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − four =

Back to top button