অসমঅসম আৰক্ষী

মেঘদূত ভৱনত চোৰৰ চাফাই অভিযান, নিশাই চোৰে লুটিলে লক্ষাধিক টকা

বাহিৰত নিৰাপত্তা বেষ্টনী আৰু ভিতৰত ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী কাম কৰি থকাৰ পাছতো কিদৰে এই চুৰিকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷

গুৱাহাটীস্থিত মেঘদূত ভৱনত নিশা সংঘটিত চুৰিকাণ্ড। নিশা ভৱনত কাম-কাজ চলি থকাৰ সময়তে পঞ্চম মহলাত চোৰৰ চাফাই অভিযান ৷ দেৱাল বগাই ভৱনত প্ৰৱেশ কৰে চোৰ। নিশা ১২ বজাৰ পাছতে সংঘটিত এই চুৰিকাণ্ড। চোৰে লুটি নিলে কেইবা লক্ষাধিক টকা।

বাহিৰত নিৰাপত্তা বেষ্টনী আৰু ভিতৰত ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী কাম কৰি থকাৰ পাছতো কিদৰে এই চুৰিকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷

ইতিমধ্যে, ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। পাণবজাৰ থানাৰ ১০০ মিটাৰ দূৰত্বতেই সংঘটিত হৈছে এই চুৰিকাণ্ড। ঘটনা সন্দৰ্ভত সোধ-পোচৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰিছে ১০জন লোকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button