অসমআঞ্চলিকস্বাস্থ্য

আজি বিশ্ব হৃদ দিৱস, সকলো দুঃচিন্তা আঁতৰাই হৃদয়খন নিৰোগী কৰি ৰাখো আহক…

GNRCত পালন বিশ্ব হৃদয় দিৱস পালন

আজি বিশ্ব হৃদ দিৱস। বিশ্বজুৰি পালন কৰা হৈছে এই দিৱস।এজন সুস্থ ব্যক্তিৰ আঁৰত থাকে এখন সুস্থ হৃদয়। বৰ্তমান সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হৃদ ৰোগে। বিশ্বৰ অধিকাংশ লোকেই হৃদ ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক সাৱটিব লগীয়া হৈছে।

হৃদ ৰোগৰ বিৰুদ্ধে সকলোকে সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বৰ্ষৰ ২৯ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় এই দিৱস। এই বৰ্ষতো বিগত বৰ্ষৰ দৰে গুৱাহাটীৰ GNRCত পালন কৰা হৈছে ‘বিশ্ব হৃদ দিৱস’।

অনুস্থানত উপস্থিত বহুকেইগৰাকী অভিজ্ঞ চিকিৎসক।হৃদপিণ্ডটো সুস্থ কৰি ৰাখিবৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে চিকিৎসকসকলে।

সাংবাদিক, শিক্ষক, আৰক্ষী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে GNRCৰ বিশেষ পেকেজ। চিকিৎসাৰ ক্ষেত্ৰত দিয়া হৈছে বিশেষ ৰেহাইয। হৃদৰোগৰ সকলো পৰীক্ষা বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰিছে GNRC কৰ্তৃপক্ষই।
জৰুৰীকালীন ৰোগীৰ প্ৰথম ২৪ ঘন্টাৰ চিকিৎসা বিনামূলীয়া। কাইলৈৰ পৰা GNRCৰ চাৰিওখন চিকিৎসালয়ত উপলব্ধ হ’ব হৃদৰোগৰ চিকিৎসা।

মানসিক চিন্তাৰ পৰা আঁতৰি আহক আমিও নিৰোগী কৰি ৰাখো আমাৰ হৃদপিণ্ডটো। কিয়নো হৃদয়খন সুস্থ হৈ থাকিলে আমিও সুস্থভাৱে অতিবাহিত কৰিব পাৰিম জীৱন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.