অপৰাধ

প্ৰেমৰ হৃদয়বিদাৰক পৰিণতি, ১৬ বাৰ চুৰিকাঘাত কৰি, মুখত এচিড ঢালি প্ৰেমিকাৰ পৰিয়ালে হত্যা কৰিলে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক…

যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকাৰ পৰিয়ালৰ ৫জন লোকক

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে হিংসাৰ ঘটনা। ধৰ্ষণ, হত্যাৰ দৰে ঘটনাই ঘনাই দখল কৰিছে বাতৰিৰ শিৰোনাম। এইবাৰ প্ৰেমৰ বাবেই মৃত্যুক সাৱটিলে এজন ২৩ বছৰীয়া যুৱকে।এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

শনিবাৰে উত্তৰপ্ৰদেশৰ এখন গাঁৱত উদ্ধাৰ কৰা হয় B.Techৰ ছাত্ৰ সুধিৰ চাইনীৰ মৃতদেহ। যুৱকজনৰ মুখখন এচিডেৰে সম্পূৰ্ণলৈকে জ্বলাই দিয়াৰ লগতে ১৬ বাৰ চুৰিকাঘাত কৰে। কেৱল এয়াই নহয় যুৱকজনৰ পাকস্থলীতো গ্লাছৰ টুকুৰা ভৰাই দিয়ে প্ৰেমিকাৰ পৰিয়ালৰ লোকে।

এই ঘটনাই জোকাৰিছে সমগ্ৰ উত্তৰ প্ৰদেশ। ইতিমধ্যে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকাৰ পৰিয়ালৰ ৫জন লোকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.