অসমআঞ্চলিক

ধেমাজিত CRPF জোৱানৰ আকস্মিক মৃত্যু! অঞ্চলজুৰি শোকৰ ছাঁ…

কাম কৰি থকা অৱস্থাতে হঠাতে বুকুৰ বিষ হৈ মৃত্যু জোৱানজনৰ

ধেমাজিৰ টকৌবাৰী গাঁৱৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান বিক্ৰমজিত চুতীয়াৰ মঙলবাৰে দুপৰীয়া আকস্মিকভাৱে মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে বৰ্তমান শোকৰ ছাঁ পেলাইছে। কাশ্মীৰত কৰ্মৰত 163 বেটেলিয়ান CRPFৰ জোৱানজনে ২৫ ছেপ্তেম্বৰত ছুটিত ঘৰলৈ আহিছিল।

দুপৰীয়া ঘৰত কাম কৰি থকা অৱস্থাতে হঠাতে বুকুৰ বিষ অনুভৱ কৰে, ততাতৈয়াকৈ বিক্ৰমজিতক পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ৰ পথতেই মৃত্যুক সাৱটি লয় জোৱানজনে। ৩৩ বছৰীয়া বিক্ৰমজিতে মৃত্যুৰ সময়ত পত্নীসহ তিনিগৰাকী কণ কণ কন্যা এৰি যায়। মৰণোত্তৰ পৰীক্ষাৰ পিছত ঘৰলৈ অনা হয় বিক্ৰমজিতৰ নশ্বৰ দেহ।

এক শোকাকূলময় পৰিৱেশৰ মাজত ডিব্ৰুগড়ৰ পৰা অহা 171 crpf ৰ DIGP ৰাজীৱ ৰঞ্জন, দ্বিতীয় কমাণ্ডেণ্ট সঞ্জয় কুমাৰ সিংহ, সহকাৰী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ ঝা, জিলা প্ৰশাসনৰ উপ আৰক্ষী অধীক্ষক আবুটানি দলে, ইন্সপেক্টৰ অৰবিন্দ কুমাৰ তিৱাৰী, এছ আই সুনীল বড়োসহ আত্মীয় লোকৰ উপস্থিতিত বেটেলিয়ান সকলে এক শোকাকূল পৰিৱেশৰ মাজত জোৱানসকলে ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তষ্টিক্ৰিয়া সম্পন্ন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.