Covid-19Socialঅৰ্থনৈতিকঅসম

ক’ৰনা মহামাৰীয়ে ভাবুকি কঢ়িয়াই আনিছে ৰাজ্যৰ থলুৱা কুটিৰ শিল্পলৈ

আৰ্থিক সকাহৰ বাবে আহ্বান চৰকাৰক

ক’ৰনা মহামাৰীয়ে জুৰুলা কৰিছে কুটিৰ শিল্পৰ ব্যৱসায়ীসকলক।
গোলাঘাট জিলাৰ দেৰগাঁৱৰ চাৰিঘৰীয়া কুটিৰ শিল্প উদ্যোগ প্ৰতিষ্ঠানৰ অচল অৱস্থা। সম্পূৰ্ণ বেতৰে আচবাব নিৰ্মিত কৰা থলুৱা প্ৰতিষ্ঠানতখনত পৰিছে ক’ৰনাৰ প্ৰভাৱ।
শিল্পৰে নিজৰ লগতে আন দহজনকো স্বাৱলম্বীতাৰ বাট দেখুৱাবলৈ সক্ষম হৈছিল উদ্যোগ প্ৰতিষ্ঠানটোৱে। কিন্তু পৰিতাপৰ বিষয় যে, বৰ্তমান ক’ভিড-১৯ মহামাৰীৰ জটিল সন্ধিক্ষণে তেওঁলোকৰ জীৱনলৈ নমাই আনিছে কাল অনামিশা।
কোনো চৰকাৰী সাহাৰ্য্য তথা প্ৰশিক্ষণ অবিহনে ৰাতুল মৰাং আৰু তোষেশ্বৰ মৰাং নামৰ দুয়ো ককায়েক-ভায়েকে নিজ ঘৰতেই বনাই লৈছে থলুৱা কুটিৰ শিল্পৰ উদ্যোগ প্ৰতিষ্ঠান। য’ত তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছিল বেতৰে নিৰ্মিত ঘৰুৱা সা-সামগ্ৰীৰ লগতে চোফাৰ চিত, চকী আদি। নিজৰ লগতে অঞ্চলৰ আন দহজন শিক্ষিত যুৱকক সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে ৰাতুল মৰাংঙে।
বৰ্তমানে ৰাজ্যত ক’ভিড পৰিস্থিতিৰ বাবে আন্ত:জিলা যাতায়ত বন্ধ হৈ পৰাত এতিয়া আৰ্থিক সংকতত ভুগিছে উদ্যোগটো। চৰকাৰে এই সময়ত থলুৱা কুতিৰ শিল্পৰ লগত জড়িত লোক সকলক আৰ্থিক সকাহ দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.