Covid-19অসমস্বাস্থ্য

বিশ্বনাথত ক’ভিডৰ ভয়াবহ পৰিস্থিতি

ক'ভিড নিয়ন্ত্ৰণৰ বাবে খুদ বিধায়ক উৎপল বৰাই নিজে নামি পৰিছে ৰাজপথত

ক’ভিডৰ গন সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে বিশ্বনাথ জিলাত কন্টেইনমেন্ট জ’ন আৰু ৰাউণ্ডা ক্লক কাৰ্ফিও দৰে কঠোৰ প্ৰদক্ষেপ গ্ৰহন কৰিব লগা হৈছে। আনকি বিশ্বনাথৰ গহপুৰ সমষ্টিত ক’ভিড নিয়ন্ত্ৰণৰ বাবে খুদ গহপুৰ বিধায়ক উৎপল বৰাই নিজে নামি পৰিছে ৰাজপথত। বিধায়কগৰাকীয়ে আৰক্ষীক ক’ভিড SOP ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হবলৈ আহ্বান জনাইছে।
উল্লেখ যে, বিশ্বনাথ জিলাত দ্বিতীয় পৰ্যায়ৰ কন্টেনমেন জ’ন অৱ্যাহত আছে। জিলা, মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দিনে দিনে বৃদ্ধি পাই অহা ক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষী আৰু মহকুমা প্ৰশাসনে ক’ভিড SOP নমনা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে। কাৰ্ফিউত অনুমতি বিহিন ভাবে চলি থকা যান-বাহনৰ পৰা জৰিমনা আদায় কৰিছে।
উল্লেখ যে , গহপুৰত শুক্ৰবাৰে বিয়লি পৰ্যন্ত সৰ্বমুঠ ২,৪৯৮ জনৰ গাত ক’ভিড ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে ১৮ গৰাকী লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.