জীৱনশৈলীস্বাস্থ্য

আধুনিক জীৱনশৈলীৰ মাজতো কেনেদৰে হ’ব পাৰি এটা সু-স্বাস্থ্যৰ অধিকাৰী…

নিজৰ বাবে কিছু সময় উলিয়াই সহজে হ'ব পাৰি সু-স্বাস্থ্যৰ আধিকাৰী

ভোগবাদী সমাজ জীৱনত মানুহৰ কৰ্মব্যস্ততাৰ মাজতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই জীৱনটোক অধিক সহজ আৰু আৰামদায়ক কৰি তুলিছে। গতিকে শাৰীৰিক পৰিশ্ৰম কম হৈ আহাত আজিকালি মানুহৰ মাজত মেদবহুলতা এটা ডাঙৰ সমস্যাত পৰিগণিত হৈছে। এই মেদবহুলতাৰ সমস্যাৰ পৰা আমকি শিশুসকলো সাৰি যোৱা নাই। ইয়াৰ মুল কাৰণ হৈছে আজিকালি শিশুসকলৰ মাজত প্ৰাকৃতিক পৰিৱেশত খেলা-ধূলা কৰা বহু পৰিমাণে কমি গৈছে। শিশু আজি বন্ধ কোঠাত ভিডিঅ’ গেম, কাৰ্টুন চাই অকলশৰে সময় পাৰ কৰিবলে লৈছে। আনফালে আধুনিক যুগৰ লগত খোজ মিলাই জীৱনধাৰণৰ মান অধিক উন্নত কৰিবলৈ ধনৰ পিছে পিছে দৌৰি ফুৰোতে প্ৰায়ভাগ লোকেই নিসংগ আৰু মানসিক অন্তৰ্দ্বন্দ্বত ভোগে। ফলত শৰীৰটোক নানা ৰোগে সহজে আক্ৰমণ কৰে।

প্ৰকৃতাৰ্থত মানৱ জীবনকত সু-স্বাস্থ্যৰ বাবে সুখ অত্যন্ত প্ৰয়োজনীয়। সেয়েহে ইতিবাচক চিন্তাৰে মন ভৰাই ৰাখি মানসিক চাপৰ পৰা নিজকে মুক্ত কৰিবলে চেষ্টা কৰিব লাগে। তেতিয়া জীৱনত স্বাস্থ্যৱান হোৱাৰ লগতে আত্মসন্তুষ্টিও লাভ কৰিব পাৰি।

অত্যধিক মেদবহুলতা আৰু আৰামদায়ক জীৱনশৈলীৰ বাবে মধুমেহ, উচ্চ ৰক্তচাপ, অত্যধিক ক’লেষ্টেৰল, হৃদৰোগ আদি ৰোগে সমগ্ৰ বিশ্বতে ছুনামিৰ ৰূপ ধাৰণ কৰিছে। তেনেক্ষেত্ৰত জীৱনধাৰা পৰিৱৰ্তন কৰি এটা সুন্দৰ স্বাস্থ্যসন্মত জীৱনৰ অধিকাৰী হ’ব পাৰি।

তাৰ লগতে নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটোও অত্যন্ত জৰুৰী। স্বাস্থ্য পৰীক্ষাই আমাৰ দেহৰ নানা ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই চিকিৎসাৰ দ্বাৰা সুস্থ জীৱন দিব পাৰে। এনেদৰে দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ যত্ন কৰিব লাগে।

জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু, এলাহ ত্যাগ কৰি পুৱা প্ৰায় আধা ঘণ্টা সময় খোজ কাঢ়িলে দেহ আৰু মন সজীৱ হৈ থাকে। কিছু সময়ৰ বাবে দৈনিক খোজ কাঢ়িলে সমগ্ৰ শৰীৰ সঞ্চালিত হৈ শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন সৰবৰাহ হোৱাৰ বাবে হৃদযন্ত্ৰও অধিক সক্ৰিয় হৈ উঠে। খোজ কঢ়াৰ বাদেও যোগাসন, ব্যায়াম, ধ্যান অথবা নিজৰ ঘৰুৱা বাগিচাখনতে ফুলগছ ৰোৱা বা বেলকনিৰ টাববোৰৰ যতন লোৱা, ৰং কৰা বা ঘৰুৱা আন যাৱতীয় কাম-কাজ কৰিও শাৰীৰিক শ্ৰম কৰিব পাৰি।

শৰীৰটোক নানা ৰোগৰ পৰা বচাই ৰাখিবৰ বাবে স্বাস্থ্যসন্মত সুষম আহাৰো সঠিক সময়ত গ্ৰহণ কৰাটো অতি জৰুৰি। তেল, চৰ্বি আৰু মছলাযুক্ত আহাৰৰ পৰিৱৰ্তে সতেজ শাক-পাচলি, চালাড, ফল-মূল আদি বেছিকৈ খাব লাগে। ফাষ্ট ফুড, জাংক ফুড খোৱা অনুচিত। এইবোৰ খাদ্যই শৰীৰৰ বহু ক্ষতি সাধন কৰে। তেজত ক’লেষ্টেৰলৰ মাত্ৰা বঢ়াই দেহৰ ওজন বৃদ্ধি কৰাৰ বাদেও মধুমেহ, হৃদৰোগ, উচ্চ ৰক্তচাপ অদি ৰোগৰ ইন্ধন স্বৰূপ।

ইয়াৰ উপৰি হৃদৰোগৰ এটা মুখ্য কাৰণ হৈছে ধুমপান বা ধঁপাত সেৱন, গুটখা, ধঁপাতযুক্ত পাণ-মছলা ব্যৱহাৰ। অত্যন্ত ধুমপান বা ধঁপাতৰ ব্যৱহাৰৰ বাবে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি।

স্বাস্থ্যৰ চাবি-কাঠি যেতিয়া আমাৰ হাততেই, সেইবাবে কোনো ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত নহৈ মানসিক চাপ ত্যাগ কৰি উপযুক্ত পৰিশ্ৰম আৰু ব্যায়ামৰ দ্বাৰা বিভিন্ন ৰোগ সহজে প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.