Covid-19অসমদিল্লীভাৰতভ্ৰমণৰাজনৈতিকৰাষ্ট্ৰীয় সুৰক্ষা

এতিয়া আৰু অসমত হিংসা নাথাকিব কেৱল উন্নয়ণ হ’ব- অমিত শ্বাহ!

কলাক্ষেত্ৰৰ পৰা জনতাক সম্বোধন কৰি কি ক'লে গৃহমন্ত্ৰীগৰাকীয়ে...

আজি অসমত  উপস্থিত হ’ল গৃহমন্ত্ৰী অমিত শ্বাহ। অসম পায়ে কামাখ্যা দেৱীৰ মন্দিৰত আশিষ লয় অমিত শ্বাহে আৰু তাৰ পাছত GMCHলৈ যায়। GMCHৰ পিছতেই মন্ত্ৰী গৰাকী উপস্থিত হয় কলাক্ষেত্ৰত।

কলাক্ষেত্ৰৰ পৰাই জনতাক সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে,

◾দ্বিতীয় বাৰৰ বাবে অসমলৈ আহিছে তেওঁ।

◾নিৰ্বাচনৰ পাছত দ্বিতীয়বাৰৰ বাবে আহিছে অসমলৈ।

◾বিজেপি দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ কাৰণ হ’ল জনতাই দুৰ্নীতি, উগ্ৰপন্থী নিৰ্মুল হোৱাটো বিচাৰে।

◾বিগত পাঁচবছৰত সৰ্বানন্দ সোনোৱাল আৰু হিমন্তবিশ্ব শৰ্মাই উন্নতিৰ ধাৰা আৰম্ভ কৰিছে।

◾এগৰাকী মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত আন এজনক মুখ্যমন্ত্ৰীৰ বাবে আসন এৰি দিব পৰাটো বিজেপিতহে সম্ভৱ। পূৰ্বতে ভাৰতৰ ইতিহাসত এনে হোৱা নাছিল।

◾অসমত এতিয়া দুয়ো ফালৰ পৰা লাভ। এজনে কেন্দ্ৰত বহি আৰু আনজনে অসমত থাকি অসমৰ কথা চিন্তা কৰে।

◾মোদী মন্ত্ৰী সভাত এতিয়া পাঁচজন উত্তৰপুবৰ মন্ত্ৰী আছে

◾২০২৪ৰ ভিতৰত বড়ো চুক্তিৰ সকলো দিশ কাৰ্যকৰী হ’ব৷

◾তামুলপুৰ চিকিৎসা মহাবিদ্যালয় বিটিআৰ শান্তি চুক্তিৰ ফল৷

◾এতিয়া আৰু অসমত হিংসা নাথাকিব কেৱল উন্নয়ণ হ’ব।

◾কাৰ্বি শান্তি চুক্তিৰ কাম ইতিমধ্যেই শেষ হৈছে কেৱল আনুষ্ঠানিকতাহে বাকী৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Check Also
Close
Back to top button