অসমদৈনিক বাতৰি

এইবাৰ চোৰৰ চকু কালভাৰ্টত। দিনৰ পোহৰতে সুযোগ লৈ চোৰে উঠাই নিলে পথ নিৰ্মাণৰ বাবে অনা দুটাকৈ কালভাৰ্ট।

সন্দেহৰ আঙুলি শিৱসাগৰৰ গড়কাপ্টানী বিষয়ালৈ।

শিৱসাগৰৰ হাঁহচৰাৰ দয়া চাৰিআলিত চুৰিকাণ্ডৰ ঘটনা। দয়া চাৰিআলিৰ পৰা ধিতাইপুখুৰী সংযোগী পথত নিৰ্মাণৰ বাবে অনা হৈছিল কালভাৰ্ট। মজুত ৰখা দুটাকৈ কালভাৰ্ট উঠাই নিলে কোনো দুৰ্বৃত্তই। কালভাৰ্ট দুটা পুৱাই কোনো দুষ্টলোকে গাড়ীত উঠাই লৈ যোৱাত উদ্বিগ্ন স্থানীয়। সন্দেহৰ আঙুলি শিৱসাগৰৰ গড়কাপ্টানী বিষয়ালৈ।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত শিৱসাগৰ গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে ৰাইজে যোগাযোগ কৰাত তেওঁলোকে ঘটনা সন্দৰ্ভত অৱগত নহয় বুলি জানিব দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.