Socialভাৰতমনোৰঞ্জনমহাৰাষ্ট্ৰমেঘালয়

বেংক বেলেঞ্চ চাই প্ৰেমত পৰা নাই সুস্মিতা সেন! এই দাবী চলচ্চিত্ৰ নিৰ্মাতা বিক্ৰম ভট্টৰ

ললিত মোদীৰ লগত থকা সম্পৰ্কৰ বাবে চৰ্চাত সুস্মিতা সেন৷ বিগত কিছু দিন ললিত মোদীক ডেট কৰাৰ বাবেই সামাজিক মাধ্যমত ট্ৰল হৈ আহিছে সুস্মিতা৷ গল্ড ডিগাৰ পৰ্যন্ত কোৱা হৈছে সুস্মিতাক

বেংক বেলেঞ্চ চাই প্ৰেমত পৰা নাই সুস্মিতা সেনে! এই দাবী চলচ্চিত্ৰ নিৰ্মাতা বিক্ৰম ভট্টৰ

এসময়ত চলচ্চিত্ৰ নিৰ্মাতা বিক্ৰম ভট্ট সুস্মিতা সেনৰ অতি ঘনিষ্ঠ আছিল। সুষৰ সন্দৰ্ভত তেওঁৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে। ললিত মোদীৰ লগত থকা সম্পৰ্কৰ বাবে চৰ্চাত সুস্মিতা সেন৷ বিগত কিছু দিন ললিত মোদীক ডেট কৰাৰ বাবেই সামাজিক মাধ্যমত ট্ৰল হৈ আহিছে সুস্মিতা৷ গল্ড ডিগাৰ পৰ্যন্ত কোৱা হৈছে সুস্মিতাক৷

সেয়েহে সুস্মিতা সন্দৰ্ভত মন্তব্য কৰিছে বিক্ৰম ভট্টয়ে৷ তেওঁ উল্লেখ কৰিছে যে বেংক বেলেঞ্চ চাই প্ৰেমত পৰা ব্যক্তি নহয় সুস্মিতা৷ বহু সংগ্ৰাম কৰি কেৰিয়াৰত সফল হৈছে সুস্মিতা৷ সাধাৰণ এটি পৰিয়ালৰ পৰা মিছ ইউনিভাৰ্ছ হোৱালৈকে সুস্মিতাৰ যাত্ৰা সহজ নাছিল৷ সৰু চহৰৰ যুৱতীসকলৰ বাবে প্ৰেৰণা সুস্মিতা৷

ব্যৱসায়ী ললিত মোদীৰ লগত ডেটিং কৰাৰ বাবে ছ’চিয়েল মিডিয়াত যথেষ্ট ট্ৰল হৈছে সুস্মিতা৷ সুস্মিতাৰ প্ৰাক্তন প্ৰেমিকো বহুত আছিল আৰু সদায়েই সুস্মিতাই প্ৰেমিকৰ লগত থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈ আহিছে৷ যি কেইজন সুস্মিতাৰ প্ৰাক্তন প্ৰেমিক আছিল প্ৰত্যেক গৰাকীয়ে ষ্ট্ৰাগলাৰ তথা সংগ্ৰামী আছিল৷ বৰ্তমান সুস্মিতাৰ বয়স প্ৰায় ৪৭ বছৰ আৰু তেওঁ দুটি সন্তানৰ মাতৃ৷ এতিয়া বিবাহৰ সসয় নহয় লগতে সুস্মিতাই যি সিদ্ধান্ত লয় সন্তান দুগৰাকীৰ কথা চিন্তা কৰিয়ে লয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.