ভাৰতস্বাস্থ্য

কি হয় বাৰু এইবিধ ধৰিব পাৰিছেনে? ভুল নুবুজিব এয়া বৰফ নহয়! কিন্তু কি?

এইবিধ এবিধ ফল, যাৰ নাম Ice apple, যি দেখাত সম্পূৰ্ণ বৰফৰ দৰে, বাকলি গুচাই থৈ দিলে সহজে চিনিপোৱা টান এই ফলবিধ

কি হয় বাৰু এইবিধ ধৰিব পাৰিছেনে? আপুনি চাগে ভাবিছে এয়া বৰফ! কিন্তু নহয়…

এইবিধ এবিধ ফল, যাৰ নাম Ice apple, যি দেখাত সম্পূৰ্ণ বৰফৰ দৰে, বাকলি গুচাই থৈ দিলে সহজে চিনিপোৱা টান এই ফলবিধ। বৰফৰ দৰে দেখা এইবিধ ফলৰ আছে বহু গুণাগুণ। এই ফলবিধ হৈছে অসমীয়াত তাল। বাহিৰটো দেখাত নাৰিকলৰ দৰে এই তাল ফলবিধ বৰফৰ দৰে দেখাত হয় বাবে ইয়াক ইংৰাজীত(Ice Apple)বুলি কোৱা হয়।

এই ফলবিধত ভিটামিন A, B, C, জিংক, পটাছিয়াম, লো, কেলচিয়াম আৰু আন বহুতো খনিজ পদাৰ্থ পোৱা যায়। ফলবিধত এণ্টি অক্সিজেন আৰু ৰোগ-প্ৰতিৰোধী উপাদানো পোৱা যায়।প্ৰতি ১০০ গ্ৰাম পকা তালত ৮৭ গ্ৰাম কেলৰি, ৭৭.৫ গ্ৰাম পানী, ১ গ্ৰাম চৰ্বি, ১০.৯ গ্ৰাম চেনী, ১ গ্ৰাম খাদ্য আঁহ, ২৭ মি.গ্ৰাম কেলচিয়াম, ৩০ মি.গ্ৰাম ফছফৰাছ, ১ মি.গ্ৰাম লোৰ লগতে অন্য উপাদানো পোৱা যায়।

এই ফল বিধত কৰ্কট ৰোগ প্ৰতিৰোধ কৰা উপাদানো পোৱা যায়। স্মৃতি শক্তি ধৰি ৰখাতো বহু সহায়ক এইবিধ ফল। তাল ভিটামিন Bৰে ভৰপূৰ। ভিটামিন বি-ৰ অভাৱ হ’লে এই ফল খালে সহজে শৰীৰ সুস্থ হৈ উঠিব।

ফচফৰাচেৰে ভৰপূৰ এই তাল ফল খালে দাঁত আৰু হাড় ক্ষয় যোৱা সমস্যাৰ পৰাও পৰিত্ৰান পোৱা যায়। কোষ্ঠকাঠিন্য আৰু অন্ত্ৰৰ বহু ৰোগো ভাল কৰে এই ফলে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 3 =

Back to top button